/asomiyapratidin/media/media_files/2025/02/18/sbOEW8JCqkSHZjyYkD1w.jpg)
টৰণ্ট’ আন্তৰ্জাতিক বিমান বন্দৰত ভয়াৱহ বিমান দুৰ্ঘটনা
ডিজিটেল ডেস্ক : টৰণ্ট’ আন্তৰ্জাতিক বিমান বন্দৰত সোমবাৰে সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। ডেল্টা এয়াৰলাইনছৰ বিমান এখন অৱতৰণৰ সময়তে তুষাৰাবৃত বিমান বন্দৰটোৰ পৰা ওলাটাকৈ পিছলি পৰাৰ লগে লগে জুয়ে আৱৰি ধৰে বিমানখনক। দুৰ্ঘটনাত পতিতত হোৱা বিমানখনৰ নম্বৰ হৈছে- এণ্ডেভাৰ এয়াৰ ফ্লাইট ৪৮১৯।
এই দুৰ্ঘটনাত বিমানখনত থকা মুঠ ৭৬গৰাকী যাত্ৰীৰ ভিতৰত অতি কমেও ২০গৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহতসকলৰ ভিতৰত আছে এগৰাকী শিশু, এজন ৬০ৰ ঊৰ্ধ্বৰ বৃদ্ধ। ইতিমধ্যে আহত আটাইকেইগৰাকী যাত্ৰীক এম্বুলেন্স আৰু হেলিকপ্টাৰৰ সহায়ত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
অৱশ্যে বিমানখন দুৰ্ঘটনাতপতিত হ’লেও বাকীসকল যাত্ৰী সুৰক্ষিত অৱস্থাত থকাৰ কথা ৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে। ইতিমধ্যে দুৰ্ঘটনাৰ লগে লগে বিমান বন্দৰ কৰ্তৃপক্ষই সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপণৰ ব্যৱস্থা কৰাৰ লগতে উদ্ধাৰকাৰী দলে যাত্ৰীসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিছে। যাৰ বাবে ভালেসংখ্যক যাত্ৰী অনাকাঙ্খিত ঘটনাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে।