/asomiyapratidin/media/media_files/2025/06/05/YcCBeUYYnMZmTHs6nPrt.jpg)
২০ বিঘা ভূমিত বৃক্ষৰোপণ কাৰ্য্যসূচী শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়া উন্নয়ন খণ্ডৰ অধীনৰ মধ্য নাগশংকৰ গাঁও পঞ্চায়ত এলেকাৰ ২০ বিঘা ভূমিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৃক্ষৰোপণ কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ৷ গাঁও পঞ্চায়তটোৰ উদ্যোগত অসম গ্ৰামীণ জীৱিকা মিশ্যন, চতিয়া উন্নয়ন খণ্ড, অপৰাজিতা মণ্ডল পৰ্যায়ৰ সংগঠন আৰু আৰু নাগশংকৰ কৃষি চক্ৰৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰূপায়িত বৃক্ষৰোপণ কাৰ্য্যসূচী শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
এই বৃক্ষৰোপণ কাৰ্য্যসূচীত শোণিতপুৰ জিলা পৰিষদৰ মূখ্য কাৰ্য্যবাহী বিষয়া কৰবী কৰণ শইকীয়া, ডিপলোঙা বনাঞ্চলিক বিষয়া ৰূপম কুমাৰ শৰ্মা, নদুৱাৰ ৰাজচক্ৰ বিষয়া ডা° আকাশদ্বীপ কাকতি, চতিয়া খণ্ড উন্নয়ন বিষয়া অজয় কুমাৰ সিনহা, নাগশংকৰ জিলা পৰিষদ সদস্য হিতেশ্বৰ বৰুৱা, চতিয়া পৌৰসভাৰ পৌৰপতি দীপশিখা সন্দিকৈ, মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ সভাপতি লক্ষী কান্ত বৰা, বিশিষ্ট সমাজকৰ্মী বানেশ্বৰ বৰাকে ধৰি গণ্য মান্য ব্যক্তি সকলেও অংশগ্ৰহণ কৰে। বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি গাঁও পঞ্চায়তৰ অধীনৰ বেবেজিয়া গাঁৱৰ ভাৰত সেৱা আশ্ৰমত অনুষ্ঠিত এক সভাত বিধায়কগৰাকীৰ উপস্থিতিতে নৱ নিৰ্বাচিত গাওঁ পঞ্চায়তৰ প্ৰতিনিধি সকলক সম্বৰ্ধনা জনোৱা হয়।