কেদাৰনাথ ধামলৈ যোৱাৰ পথত ভয়ংকৰ ভূমিস্খলনঃ দুজন নিহত...

ভূমিস্খলনৰ ধ্বংসাৱশেষত কেইজনমান তীৰ্থযাত্ৰী পুত খায়। লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফৰ জোৱান উপস্থিত হৈ অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও ইতিমধ্যে দুজনকৈ লোকৰ মৃত্যু হোৱা বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  কেদাৰনাথ ধামলৈ যোৱা পথত বুধবাৰে হোৱা ভূমিস্খলনৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন তিনিজনকৈ লোক আহত হয়। ৰুদ্ৰপ্ৰয়াগৰ আৰক্ষী অধীক্ষক অক্ষয় প্ৰহ্লাদ কোণ্ডে জনোৱা মতে,পুৱা ১১.২০ বজাত পথৰ কাষৰ জংগলচট্টি ঘাটৰ সমীপৰ পাহাৰত ভূমিস্খলন হয়। 

Advertisment

ভূমিস্খলনৰ ধ্বংসাৱশেষত কেইজনমান তীৰ্থযাত্ৰী পুত খায়। লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফৰ জোৱান উপস্থিত হৈ অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও ইতিমধ্যে দুজনকৈ লোকৰ মৃত্যু হোৱা বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে।

আৰক্ষী আৰু এছডিআৰএফৰ জোৱানৰ লগতে স্থানীয় লোকেও ৰছীৰ সহায়ত মৃতকৰ লগতে আহতসকলক উলিয়াই আনিবলৈ বহু চেষ্টা কৰিছিল। উদ্ধাৰ কাৰ্য যথেষ্ট কষ্টকৰ আছিল বুলিও জানিব পৰা গৈছে।  ইফালে ঘটনাত আহত লোকসকলক গৌৰীকুণ্ডৰ এটা স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, ঘটনাত নিহত দুই শ্ৰমিক আছিল নিতিন কুমাৰ আৰু চন্দ্ৰশেখৰ। লগতে আহত সকল ডোডাৰ সন্দীপ কুমাৰ, নীতিন মানহাছ আৰু গুজৰাটৰ ভৱনগৰৰ আকাশ চিত্ৰিয়া বুলি চিনাক্ত কৰা হৈছে।

কেদাৰনাথ