দুবছৰত ৭০ৰ উৰ্ধৰ ২.৫মিলিয়ন নাগৰিকে লৈছে আয়ুষ্মান কাৰ্ড...

যোৱা দুবছৰত ভাৰতত আয়ুষ্মান আঁচনিত নামভৰ্তি কৰিছে ৭০ৰো উৰ্ধৰ প্ৰায় ২৫লাখ লোকে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সদৰি কৰিছে এই তথ্য। এই আঁচনিত  আৰ্থ-সামাজিক অৱস্থা

author-image
Asomiya Pratidin
New Update
কদকদক

ডিজিটেল ডেস্কঃ যোৱা দুবছৰত ভাৰতত আয়ুষ্মান আঁচনিত নামভৰ্তি কৰিছে ৭০ৰো উৰ্ধৰ প্ৰায় ২৫লাখ লোকে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সদৰি কৰিছে এই তথ্য। এই আঁচনিত  আৰ্থ-সামাজিক অৱস্থা নিৰ্বিশেষে ৭০ বছৰ আৰু তাৰ ওপৰৰ সকলো জ্যেষ্ঠ নাগৰিককে ৫ লাখ টকা বিনামূলীয়া স্বাস্থ্য কভাৰ প্ৰদান কৰে।

ইতিমধ্যে সামৰি লোৱা পৰিয়ালৰ অন্তৰ্গত ৭০ বছৰ আৰু তাৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকসকলে বছৰি ৫ লাখ টকা পৰ্যন্ত অতিৰিক্ত টপ-আপ কভাৰ লাভ কৰে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাত ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়ুষ্মান ভায় বন্দনা হিচাপে আঁচনিখন সম্প্ৰসাৰণ কৰাৰ পিছত ৭০ বছৰৰ ওপৰৰ লোকসকলেও স্বাস্থ্য বীমা সেৱাৰ বাবে ইয়াৰ সুবিধা ল’ব পাৰে। এই সম্প্ৰসাৰণে ৭০ বছৰৰ ওপৰৰ লোকসকলৰ মাজত ব্যাপক আগ্ৰহ প্ৰকাশ কৰিছে, ঘোষণাৰ দুমাহৰ ভিতৰত প্ৰায় ২৫ লাখ নতুন হিতাধিকাৰীয়ে আঁচনিখনত যোগদান কৰিছে।

এই আঁচনিৰ লক্ষ্য হৈছে দৰিদ্ৰ আৰু বঞ্চিত পৰিয়ালসমূহক স্বাস্থ্য সেৱাৰ সুলভতা প্ৰদান কৰা, প্ৰতিটো পৰিয়ালত ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা কভাৰেজ প্ৰদান কৰা।

২০১৮ চনৰ ২৩ ছেপ্টেম্বৰত ঝাৰখণ্ডৰ ৰাঞ্চিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য আঁচনি পিএমজেৱাই মুকলি কৰিছিল। ই নগদবিহীন চিকিৎসা প্ৰদান কৰে, এই আঁচনিৰ পৰিসৰত ঔষধ, চিকিৎসাৰ মাচুল, চিকিৎসকৰ মাচুল, আৰু অ’টি-আইচিইউৰ মাচুল অন্তৰ্ভুক্ত হৈ আছে। 

কেন্দ্ৰীয় চৰকাৰ