প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনঃ দেশৰ ১০২টা, উত্তৰ পূবৰ ১৪টা আৰু অসমৰ ৫টা সমষ্টিত হ'ব ভোটগ্ৰহণ...

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনঃ দেশৰ ১০২টা, উত্তৰ পূবৰ ১৪টা আৰু অসমৰ ৫টা সমষ্টিত হ'ব ভোটগ্ৰহণ...

ডিজিটেল ডেস্কঃ কাইলৈ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হব। অসমৰ ৫টা সমষ্টিৰ লগতে দেশৰ মুঠ ১০২টা লোকসভা সমষ্টিত অনুষ্ঠিত হব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। প্ৰথম পৰ্যায়ত মুঠ ২১খন ৰাজ্যত অনুষ্ঠিত হব ভোটগ্ৰহণ প্ৰক্ৰিয়া।

অসমৰ ৫টা লোকসভা সমষ্টিত মুঠ ৩৫গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত। ডিব্ৰুগড়,যোৰহাট, কাজিৰঙা, লখিমপুৰ আৰু শোণিতপুৰ লোকসভা সমষ্টিত ইতিমধ্যে যাৱতীয় প্ৰায়বোৰ কাম সম্পন্ন হৈছে। পলিং বিষয়া আৰু প্ৰিজাইডিং বিষয়াসকলে নিজ নিজ গন্তব্য স্থানলৈ ইতিমধ্যে ৰাওনা হৈছে।

অসমৰ লগতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। মণিপুৰত দুটা সমষ্টিত অনুষ্ঠিত হব প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ। মণিপুৰৰ সেই সমষ্টি দুটা হৈছে-

1. Inner Manipur

2. Outer Manipur

ঠিক তেনেদৰে মেঘালয়ৰ শ্বিলং আৰু তুৰাত অনুষ্ঠিত হব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। মিজোৰামৰ এটা লোকসভা সমষ্টিৰ লগতে নাগালেণ্ড আৰু চিকিমৰ এটা সমষ্টিত প্ৰথম পৰ্যায়তে ভোটগ্ৰহণ সম্পন্ন হব। অৰুণাচল প্ৰদেশৰ পূব অৰুণাচল লোকসভা সমষ্টি আৰু ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা সমষ্টিটোতো প্ৰথম পৰ্যায়তে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in