/asomiyapratidin/media/media_files/2025/01/15/bBmNOVokduekOhL1sIlw.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ আজি পহিলা মাঘ,পহিলা মাঘৰ দিনটোতো অব্যাহত আছে ভোগালীৰ আনন্দ উল্লাস। পুৱাৰে পৰা ৰাজ্যৰ মঠ-মন্দিৰসমূহত ভিৰ কৰিছেহি অসংখ্য ভক্তপ্ৰাণ ৰাইজে ৷ নিজৰ লগতে আপোনজন আৰু পৰিয়ালৰ মংগল কামনাৰে মন্দিৰ, নামঘৰত চাকি-বন্তি জ্বলাই সেৱা আগবঢ়াইছে ৰাইজে ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পবিত্ৰ মাঘ মাহৰ পহিলা পুৱাই তীৰ্থযাত্রী, ভকত বৈষ্ণৱৰ আগমন ঘটিছে বটদ্ৰৱা থানলৈ। গুৰুজনাৰ শ্ৰী চৰণত এভাগ নৈবদ্য, তেল বন্তি আগবঢ়াই বছৰটো কুশল মংগল কামনাৰে আগমন ঘটিছে ভকত বৈষ্ণৱৰ, দৰ্শনাথীৰ। সকলোৱে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে।
আজি ঠাণ্ডাৰ প্ৰকোপৰ মাজতে ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ-দেৱালয়ত পুৱাৰে পৰা ভক্তৰ যথেষ্ট সমাগম পৰিলক্ষিত হয় ৷ মহানগৰীৰ মাজমজিয়াৰ উগ্ৰতাৰা দেৱালয়,বশিষ্টাশ্ৰম,গণেশ মন্দিৰ,শুক্লেশ্বৰ মন্দিৰ, উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ,হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালয়ত শৰাই-নৈবদ্য অৰ্পণ কৰি ভক্তই প্ৰাৰ্থনা জনায় ৷