/asomiyapratidin/media/media_files/2025/03/15/iOz7mAlBiiJRV3ketoto.jpg)
ডিজিটেল ডেস্ক : ‘ভাৰতমালা’ আঁচনিৰ অধীনত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা পথৰ খতিয়ান দাঙি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। লোকসভাৰ এক লিখিত প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- ভাৰতমালা আঁচনিৰ অধীনত দেশবাসীৰ বাবে মুঠ ২৬,৪২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ উপহাৰ দিয়া হৈছে। ইয়াৰে অংশস্বৰূপে ১৯,৮২৬ কিলোমিটাৰ পথ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতমালা পৰিযোজনাত ২০১৭ চনত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছিল। ভাৰতমালা পৰিযোজনাই জনজাতীয়, আকাংক্ষিত আদি এলেকাসমূহৰ সৈতে সংযোগকে ধৰি দেশৰ লজিষ্টিক দক্ষতা আৰু এই ঘাইপথসমূহত দুৰ্ঘটনা হ্ৰাস কৰি সুৰক্ষিত পৰিবহণ ব্যৱস্থা নিশ্চিত কৰাৰ পৰিকল্পনাৰে এই আঁচনি ৰূপায়ণ কৰা হৈছিল।
ইতিমধ্যে এই আঁচনিৰ অধীনত ২০২৫ চনৰ ফেব্ৰুৱাৰীলৈকে ৬,৬৬৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ তীব্ৰবেগী গ্ৰীণফিল্ড ক’ৰিডৰ ৪,৬১০ কিলোমিটাৰ পথৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোকসভাত তেওঁৰ প্ৰতিবেদনত উল্লেখ কৰে।