বঢ়মপুৰ প্ৰেছ ক্লাৱৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁও জিলাৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ অষ্টাদশ সংখ্যক প্ৰতিষ্ঠা দিৱসটি সোমবাৰে কৰৈয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
fffffffffffffffff

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ অষ্টাদশ সংখ্যক প্ৰতিষ্ঠা দিৱসটি সোমবাৰে কৰৈয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলনৰ লগতে ক্লাৱৰ পতাকা উত্তোলন কৰে ক্ৰমে কৰৈয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ববিতা বৰা আৰু বঢ়মপুৰ প্ৰেছ ক্লাৱৰ সভাপতি যতীন্দ্ৰ কুমাৰ শইকীয়াই।

Advertisment

ইয়াৰ পিছতে বঢ়মপুৰ প্ৰেছ ক্লাৱৰ প্ৰাক্তন উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত বেংক বিষয়া জিতু শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে প্ৰয়াত শৰ্মাৰ সহধৰ্মিনী তথা শিক্ষয়ত্ৰী মায়াৰাণী শৰ্মাই। বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান মেট্ৰিক্স ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ৰেক্টৰ তথা শিক্ষা সংগঠক প্ৰশান্ত বৰাই। এই বৃক্ষৰোপণ কাৰ্যসূচীত কঠিয়াতলী আঞ্চলিক বন বিষয়া গিৰিশ কুমাৰ বৰা, সমাজকৰ্মী দুলাল চন্দ্ৰ বৰা ,শিক্ষক তথা সমাজকৰ্মী হেমন্ত বৰা,উৰিয়া গাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য জয়ন্ত কুমাৰ বৰাই অংশগ্ৰহণ কৰি বিদ্যালয়ৰ চৌহদত একোটাকৈ গছ পুলি ৰোপণ কৰে।  

ইয়াৰ পিছতে নগাঁৱৰ নিদান হস্পিতালৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা বিনামূলীয়া ৰক্ত পৰীক্ষা শিবিৰত অৰ্ধ শতাধিক লোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰে। দুপৰীয়া অনুষ্ঠিত হয় বিশেষ সভা আৰু সম্বৰ্ধনা অনুষ্ঠান। বঢ়মপুৰ প্ৰেছ ক্লাৱৰ সভাপতি যতীন্দ্র কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই।

জিলাৰ আয়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, "সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ । ই সমাজৰ দৰ্পণস্বৰূপ, য’ত ঘটনা-পৰিঘটনা নিৰপেক্ষভাৱে জনসাধাৰণৰ ওচৰত উপস্থাপন কৰা হয়। আজিৰ তাৰিখত যদি ভাৰতৰ বাহিৰলৈ যাওঁ তেনেহলে তাত সাংবাদিকৰ অৱস্থা বেয়া নহয়। আমি যদি সাংবাদিক সকলক প্ৰকৃততে সন্মান জনাব বিচাৰিছো, তেওঁলোকে সামাজিক দায়বদ্ধতাৰে কাম কৰিছেনে নাই বুলি বিচাৰ কৰি চাইছো তেনেহলে তেওঁলোকৰ প্ৰতিও আমাৰ কৰণীয় আছে।"

প্ৰেছ ক্লাৱৰ সম্পাদক নিপুল বৰা আৰু প্ৰাক্তন সম্পাদক জয়ন্ত বৰাই আঁত ধৰা সভাখনত জিলা সহকাৰী আয়ুক্ত তেজাছ অগ্নিহোত্ৰী,বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীপক চন্দ্ৰ বৰা,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ক্ৰমে নৰেন্দ্ৰ নাথ শৰ্মা,থুলেশ্বৰ বৰা,লেখক,কবি ময়ূৰ কুমাৰ বৰা,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পুনিৰাম শইকীয়া,কলংপৰীয়া বাৰগঞা সমাজৰ সম্পাদক দিলীপ বৰা,বিষ্ণুৰাভা ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ প্ৰকাশ শৰ্মা,বিশিষ্ট ক্ৰীড়া সংগঠক তথা ক্ৰীড়াবিদ প্ৰভাত চন্দ্ৰ বৰা,সমাজকৰ্মী দিলীপ দাসে সাংবাদিকতাৰ বিভিন্ন দিশ সামৰি ভাষণ প্ৰদান কৰে। 

সভাত বিশিষ্ট কবি,লেখক তথা শিল্পী গোলাপ বৰাই বঢ়মপুৰ প্ৰেছ ক্লাৱৰ প্ৰতীকী গীতটো পৰিবেশন কৰে। সভাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিকছ খেলুৱৈ পাহি কেওটক প্ৰেছ ক্লাৱৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাত বিশিষ্ট নাট্যকৰ্মী কমলেশ শইকীয়া,অৱসৰপ্ৰাপ্ত শিক্ষক চাকিৰাম শইকীয়া,অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা নাট্যকৰ্মী সোনাৰাম বৰা,সমাজকৰ্মী হৰ বৰা,অৱসৰপ্ৰাপ্ত সেনা বিষয়া ৰাজেন শইকীয়া, সমাজকৰ্মী ক্ষীৰ কান্ত শৰ্মা, শম্ভূ শইকীয়া, পদুম বৰুৱা,কিৰণ কুমাৰ নেওগ, বিশিষ্ট অভিনেতা তথা পৰিচালক ৰাজেন ফুকন, কলংপাৰ লেখিকা সন্থাৰ সম্পাদিকা তুলু হাজৰিকা, লুংচুং চামগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত বৰা,সাংস্কৃতিক কৰ্মী বিদ্যুৎ বৰা,তোষেশ্বৰ কলিতা, প্ৰবোধ কুমাৰ বৰা, ঈষান বৰা, ৰূপৰাম হাজৰিকা, গণেশ চমুৱা, জিতুমনি বৰা, ৰাজ হাজৰিকা, ভৰত বৰা প্ৰমুখ্যে বহু লোক উপস্থিত আছিল।

উল্লেখযোগ্য যে,অনুষ্ঠানটিৰ শেষত, জিলা আয়ুক্ত গৰাকীয়ে নগাঁৱৰ নিদান হাস্পতালৰ দ্বাৰা আয়োজিত এক বিনামূলীয়া ৰক্ত পৰীক্ষা শিবিৰত বহুলোকে অংশগ্ৰহণ কৰে। তেখেতে এই ধৰণৰ সামাজিক কৰ্মৰাজিক স্বাস্থ্য সচেতনতা বৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। ৰোগ প্ৰতিৰোধ আৰু স্বাস্থ্য সচেতনতা সৃষ্টিৰ ক্ষেত্ৰত চিকিৎসা আৰু সংবাদ মাধ্যম উভয়ে একগোট হৈ  কাম কৰিব লাগে বুলি জিলা আয়ুক্ত গৰাকীয়ে ভাষণত উল্লেখ কৰে।

বঢ়মপুৰ