ক্ৰীড়া বিভাগৰ চৰম অৱহেলাঃ ৰে’লৰ শৌচালয়ৰ কাষত বহি যাত্ৰা ১৮ গৰাকী মল্লযুঁজাৰুৰ

খেলুৱৈসকলৰ বাবে কোনো কনফৰ্ম টিকটৰ ব্যৱস্থা নথকাত তেওঁলোকে অত্যন্ত অস্বাস্থ্যকৰ আৰু অসুৰক্ষিত পৰিৱেশৰ মাজত সমগ্ৰ যাত্ৰা সম্পূৰ্ণ কৰে। ছচিয়েল মিডিয়াত এই যাত্ৰাৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। 

New Update
new ap web 4 (23)

ডিজিটেল ডেস্কঃ  দেশৰ ক্ৰীড়া জগতৰ বাবে এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। উত্তৰ প্ৰদেশৰ গৌৰখপুৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় বিদ্যালয় কুস্তি প্ৰতিযোগিতাত অংশ ল’বলৈ যোৱা উৰিষ্যাৰ ১৮ গৰাকী উদীয়মান খেলুৱৈয়ে ৰে’লৰ জেনেৰেল ডবাৰ শৌচালয়ৰ কাষত বহি যাত্ৰা কৰিবলৈ বাধ্য হয়।

জানিব পৰা মতে, খেলুৱৈসকলৰ বাবে কোনো কনফৰ্ম টিকটৰ ব্যৱস্থা নথকাত তেওঁলোকে অত্যন্ত অস্বাস্থ্যকৰ আৰু অসুৰক্ষিত পৰিৱেশৰ মাজত সমগ্ৰ যাত্ৰা সম্পূৰ্ণ কৰে। ছচিয়েল মিডিয়াত এই যাত্ৰাৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। 

এই ঘটনাৰ পাছতে একাংশই চৰকাৰ আৰু ক্ৰীড়া বিভাগৰ এনে চৰম অৱহেলাক লৈ প্ৰশ্ন উত্থাপন কৰা লগতে সৃষ্টি হোৱা জনৰোষৰ পৰিপ্ৰেক্ষিতত উৰিষ্যাৰ বিদ্যালয় আৰু গণশিক্ষা মন্ত্ৰী নিত্যানন্দ গণ্ডে মুখ খুলিছে। তেওঁ এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে আৰু ইয়াৰ বাবে জগৰীয়া বিষয়াসকলৰ বিৰুদ্ধে ক্ষিপ্ৰ তথা কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে।

মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ গৌৰৱ কঢ়িয়াই আনিবলৈ যোৱা খেলুৱৈসকলৰ সৈতে এনে দুৰ্ব্যৱহাৰ কোনো কাৰণতে সহ্য কৰা নহ’ব।  ৮ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা মল্লযুঁজাৰু চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ বিদ্যালয় আৰু গণশিক্ষা বিভাগে ১০ জন ল’ৰা আৰু ৮ গৰাকী ছোৱালীকে ধৰি ১৮ গৰাকী খেলুৱৈক ৰাজ্যখনলৈ প্ৰেৰণ কৰিছিল । কিন্তু বিভাগীয় বিষয়াই টিকট নিশ্চিত কৰিব নোৱাৰাৰ বাবে দুৰ্বিসহ অৱস্থাত ভূৱনেশ্বৰলৈ উভতিবলগীয়া হয় খেলুৱৈৰ দলটো ।

মল্লযুঁজাৰু মল্লযুদ্ধা মল্লযুঁজ সন্থা মল্লযুঁজ