/asomiyapratidin/media/media_files/2025/04/25/0h0PcWipEremPPrH0IaO.jpg)
ডিজিটেল ডেস্ক : সদৌ অসম কেন্দ্ৰীয় অৰ্দ্ধকেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ সপ্তদশ দ্বি- বাৰ্ষিক অধিবেশনৰ আয়োজন কৰা হৈছে। অহা ২৭ আৰু ২৮ এপ্ৰিল ২০২৫ত দুদিনীয়া কাৰ্যসূচীৰে উজানবজাৰস্থিত ছহিদ ন্যাস ভৱনত অধিবেশনখনি অনুষ্ঠিত কৰা হ’ব।
উদ্যোক্তাই জনোৱা অনুসৰি অনুষ্ঠানৰ প্ৰথম দিনা পুৱা ৯-০০ বজাত পৰিষদৰ কাৰ্যনিৰ্বাহক আৰু পৰামৰ্শ সমিতিৰ সভা অনুষ্ঠিত হ’ব। ইয়াৰ পাছতে দিনৰ ১১-০০ বজাত প্ৰথম প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। সভাখন উদ্বোধন কৰিব কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা দেৱেশ্বৰ ভট্টাচাৰ্যই।
একেদৰে সন্ধিয়া ৭-০০ বজাত অভ্যাৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি তাহেৰুদ্দিন আহমেদে বন্তি প্ৰজ্জ্বলন কৰাৰ পাছতে অনুষ্ঠিত হ’ব অন্তিম প্ৰতিনিধি সভা। আনহাতে সভাৰ দ্বিতীয় দিনা পুৱা ৯-০০ বজাত পতাকা উত্তোলন কৰিব কেন্দ্ৰীয় সমিতিৰ সভাপতি লক্ষ্মীকান্ত ডেকাই। তাৰ পাছতে অভ্যাৰ্থনা সমিতিৰ সভাপতি গণেশ তামুলীয়ে ছহিদ তৰ্পণ কৰিব।
কাৰ্যসূচী অনুসৰি দিনৰ ১০-০০ বজাৰ পৰা অনুষ্ঠিত হ’ব অন্তৰংগ আলাপ অনুষ্ঠান। এই অনুষ্ঠানটি সঞ্চালনা কৰিব কুমুদেশ্বৰ শৰ্মাই। ইয়াৰ পাছতে ২-০০ বজাৰ পৰা অনুষ্ঠিত হ’ব মুকলি সভা।
এই সভাখন উদ্বোধন কৰিব কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা তৰুণ বৰ্মনে। উক্ত সভাৰ মঞ্চতে উন্মোচন কৰা হ’ব এখনি স্মৃতিগ্ৰন্থ। উন্মোচন কৰিব বিশিষ্ট আবৃত্তিকাৰ ভূপেন চক্ৰৱৰ্তীয়ে।
আনহাতে এই সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰিব ডা০ অঞ্জনজ্যোতি চৌধুৰীয়ে। একেদৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত।