চিলাপথাৰত বংগ সাহিত্য সন্মিলনৰ উদ্যোগত ১৬৪ সংখ্যক ৰবীন্দ্ৰ জয়ন্তী উদযাপন

বিশ্ব কবিগৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঢুণ্ডিৰাজ উাপাধ্যয়য়ে। ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে আয়োজিত মুকলি সভাৰ আৰম্ভণিতে স্বৰ সাধনা কেন্দ্ৰৰ শিল্পীসকলে এটি সমবেত সংগীত পৰিবেশনেৰে মঞ্চ মুকলি কৰে । 

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত বংগ সাহিত্য সন্মিলনৰ উদ্যোগত ১৬৪ সংখ্যক ৰবীন্দ্ৰ জয়ন্তী উদযাপন

চিলাপথাৰত বংগ সাহিত্য সন্মিলনৰ উদ্যোগত ১৬৪ সংখ্যক ৰবীন্দ্ৰ জয়ন্তী উদযাপন

ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰ ছ'ছাইটিত নিখিল ভাৰত বংগ সাহিত্য সন্মিলনৰ উদ্যোগত আৰু স্বৰ সাধনা কেন্দ্ৰৰ সহযোগত শুকুৰবাৰে অনুষ্ঠিত হ'ল ১৬৪ সংখ্যক ৰবীন্দ্ৰ জয়ন্তী । শতাধিক সাহিত্যকৰ্মী, শিল্পী আৰু ৰাইজ উপস্থিত থকা সভাৰ আৰম্ভণিতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনোদ কুমাৰ গগৈয়ে । 

Advertisment

বিশ্ব কবিগৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঢুণ্ডিৰাজ উাপাধ্যয়য়ে। ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে আয়োজিত মুকলি সভাৰ আৰম্ভণিতে স্বৰ সাধনা কেন্দ্ৰৰ শিল্পীসকলে এটি সমবেত সংগীত পৰিবেশনেৰে মঞ্চ মুকলি কৰে । 

সভাত সভাপতিত্ব কৰে নিখিল ভাৰত বঙ্গ সাহিত্য সন্মিলন চিলাপথাৰ শাখাৰ সভাপতি ৰোহিত চন্দ্ৰ ৰয়ে । সভাৰ আদৰণিৰ আঁত ধৰে স্বৰ সাধনা কেন্দ্ৰৰ শিক্ষক অনুপ দাসে । 

আনহাতে উপস্থিত অতিথিসকলক একোখনকৈ উত্তৰীয়ৰে আদৰণি জনায় স্বৰ সাধনা কেন্দ্ৰৰ শিল্পীসকলে । সভাত উপস্থিত কবি-সাহিত্যক ভুবন দাস,সংগীত শিল্পী কুলেশ দাস, দাপোনৰ ভাষাৰ গৱেষক তথা লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ অধিকাৰী ড° উত্তম দাস  আৰু সমাজ সেৱক সজল নাথদেৱে কবি গুৰুজনাৰ কবিতা, গল্প, গীত, দৰ্শন আদিৰ বিষয়ে বক্তব্য ৰখাৰ লগতে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে উদ্বেগ প্ৰকাশ কৰে আৰু দেশৰ বীৰ জোৱানৰ সাহসী পদক্ষেপক প্ৰসংশা কৰি বক্তব্য প্ৰদান কৰে। 

ইয়াৰ পিচতে কাজল দাসৰ পৰিচালনাত অনুষ্ঠিত হয় ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা। অনুষ্ঠানত অঞ্চলটোৰ বহু লোক উপস্থিত থাকে।

silapathar