১৬৩ধাৰাৰ অধীনত কোকৰাঝাৰত নিষেধাজ্ঞা...

১৬৩ধাৰাৰ অধীনত কোকৰাঝাৰত নিষেধাজ্ঞা...

author-image
Asomiya Pratidin
New Update
 ১৬৩ধাৰাৰ অধীনত কোকৰাঝাৰত নিষেধাজ্ঞা...

ডিজিটেল সংবাদ,কোকৰাঝাৰ: কোকৰাঝাৰ জিলা দণ্ডাধীশ প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে জিলাখনত শান্তি-শৃংখলা ভংগ হোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

Advertisment

সেইমতে ৰাষ্ট্ৰীয় ঘাইপথত অনুমতি অবিহনে যিকোনো ধৰণৰ শোভাযাত্ৰা,বিক্ষোভ, পথ-অৱৰোধত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি জিলা আয়ুক্তৰ ১০০ মিটাৰ ব্যৱধানত অকৰ্তৃত্বশীল ব্যক্তিয়ে প্ৰৱেশ কৰি অপ্ৰয়োজনীয় ভিৰ কৰা,ধৰ্ণা দিয়া,অনুমতি অবিহনে ৰাজহুৱা স্থানত ৫জন বা তাতকৈ অধিক ব্যক্তিৰ সমাবেশ ঘটা,অনুমতি অবিহনে জিলাখনত যিকোনো ধৰণৰ শোভাযাত্ৰা,সভা,প্ৰতিবাদী সভা,ধৰ্ণা,ৰেলী,বিক্ষোভ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰে।

লগতে ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় বা কোনো ব্যক্তিক ধন দাবী কৰা,চান্দা তোলা, ৰাজহুৱা স্থানত যিকোনো ব্যক্তি বা দলৰ দ্বাৰা অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন, লাঠী, ধনু-কাড়, দেগাৰ,তৰোৱাল আদি চোকা অস্ত্ৰ প্ৰদৰ্শন কৰা,সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি অবিহনে লাউড স্পীকাৰ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে জিলা দণ্ডাধীশে।

অৱশ্যে উক্ত নিষেধাজ্ঞাৰ পৰা কৰ্তব্যৰত কাৰ্যবাহী দণ্ডাধীশ, আৰক্ষী বিষয়া, অৰ্ধসামৰিক বাহিনী, ৰেল ষ্টেচন, বাছ আস্থান আদিত বৈধ টিকট থকা ব্যাক্তিক ৰেহাই দিয়া হৈছে।

জিলা দণ্ডাধীশে জাৰি কৰা নিষেধাজ্ঞা তাৎক্ষণিকভাৱে সমগ্ৰ জিলাখনত বলৱৎ হ'ব আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে উক্ত নিষেধাজ্ঞা বলবৎ থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰিছে। তদুপৰি আদেশ উলংঘা কৰা যি কোনো ব্যক্তিৰ বিৰুদ্ধে আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ চলোৱা হ’ব বুলি নিৰ্দেশনাত উল্লেখ কৰিছে জিলা দণ্ডাধীশ প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে ।

Also Read: মিঞাক অসমখন ল'বলৈ নিদিওঁ...

163 section kokrajhar