বংশবৃদ্ধিৰ বাবে এৰি দিয়া হ'ল নাগশংকৰ দেৱালয়ৰ ১৬০টা বৰকাছৰ পোৱালী…

বিলুপ্তপ্ৰায় বৰকাছ বা বৰমূৰীয়া কাছৰ সংৰক্ষণ তথা বংশবৃদ্ধিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বেচৰকাৰী সংস্থা টি এছ এ (TSA) আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলে...

author-image
Asomiya Pratidin
New Update
zfchk

ডিজিটেল সংবাদ, জামুগুৰিহাট : বিলুপ্তপ্ৰায় বৰকাছ বা বৰমূৰীয়া কাছৰ সংৰক্ষণ তথা বংশবৃদ্ধিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বেচৰকাৰী সংস্থা টি এছ এ (TSA) আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলে। বিৰল প্ৰজাতিৰ এই কাছবিধ যাতে পৃথিৱীৰ পৰা হেৰাই যাব নোৱাৰে তাৰ বাবে সংস্থা দুটিয়ে গ্ৰহণ কৰিছে এক পদক্ষেপ। 

Advertisment

বৰকাছৰ বংশবৃদ্ধিৰ বাবে জামুগুৰিহাটৰ দক্ষিণাঞ্চলত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ ৰৌমাৰী বিলত শুকুৰবাৰে দুয়োটা প্ৰতিষ্ঠানৰ সহযোগত এৰি দিয়া হয় ১৬০টা দুষ্প্ৰাপ্য বৰকাছৰ পোৱালী। ঐতিহ্যমণ্ডিত নাগশংকৰৰ দেৱালয়ৰ পুখুৰীত থকা দুষ্প্ৰাপ্য বৰকাছৰ কণী সংৰক্ষণ কৰি জন্ম দিয়া ১৬০টা পোৱালী  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ ৰৌমাৰী বিলত বংশবৃদ্ধিৰ বাবে এৰি দিয়া কাৰ্য্যৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। 

অনুষ্ঠানটিত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰীগৰাকীৰ লগতে বেচৰকাৰী সংস্থা টি এচ এ(TSA)ৰ বিষয়ববীয়াসকলো উপস্থিত থাকে।

jamugurihat padma hazarika