বৰ্ণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত বৰ্ণি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় এক সম্বৰ্ধনা অনুষ্ঠান। ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ১৬ গৰাকী ছাত্ৰ -ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। 

author-image
Asomiya Pratidin
New Update
সম্বৰ্ধনা

সম্বৰ্ধনা

ডিজিটেল সংবাদ, হাজো : হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত বৰ্ণি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় এক সম্বৰ্ধনা অনুষ্ঠান। ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ১৬ গৰাকী ছাত্ৰ -ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। 

Advertisment

বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আব্দুল গনিখান চৌধুৰী সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মমতাজ আৰা বেগমে। অনুষ্ঠানত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি স্বৰ্গীয় শ্বেখ চান্দ মহম্মদ আলী আৰু তেখেতৰ পত্নী স্বৰ্গীয় গোলাপ জানৰ সোঁৱৰণত বঁটা প্ৰদান কৰে দুই পুত্ৰ অৱসৰপ্ৰাপ্ত পৰিবহন বিষয়া ৰফিকুদ্দিন আহমেদ আৰু অৱসৰপ্ৰাপ্ত কৃষি বিষয়া আনোৱাৰ হুছেইনে ।

বৰ্ণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

প্ৰতিবছৰৰ দৰে এইবেলিও প্ৰদান কৰা বঁটাত আছে গামোছা, মানপত্ৰ, অভিধান আৰু নগদ ২,৫০০ টকা। স্বৰ্গীয় গোলাপ জান সোঁৱৰণী বঁটা লাভ কৰে বিদ্যালয়ৰখনৰ ভিতৰত সৰ্বোচ্চ পোৱা ছাত্ৰী মেহফুজা আনজুম ৰহমানে। 

একেদৰে স্বৰ্গীয় শ্বেখ চান্দ মহম্মদ সোঁৱৰণী বঁটা লাভ কৰে বিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰে ছাত্ৰ মেহবুব আখতাৰে। আনহাতে স্বৰ্গীয় ধনে চেখৰ সোঁৱৰণী বঁটা প্ৰদান কৰে তেখেতৰ পুত্ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা বৰ্ণি ইছলামীয়া মাদ্ৰাছাৰ সভাপতি আলহাজ ৰূপচান্দ আলীয়ে। 

বিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা আৰু অসমীয়া বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভ ছাত্ৰ -ছাত্ৰী দুগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটা লাভ কৰে ছাত্ৰী মেহফুজা আনজুম ৰহমান আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ ছাত্ৰী মৌচুমী বেগমে।

বৰ্ণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

এই বঁটাত আছে গামোছা, গ্ৰন্থ আৰু নগদ ১০০০ টকা। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মমতাজ আৰা বেগমৰ স্বামী স্বৰ্গীয় আজিজুৰ ৰহমান চোধুৰীৰ সোঁৱৰণী বঁটা লাভ কৰে বিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰী মেহফুজা আনজুম ৰহমানে। এই বঁটা প্ৰদান কৰে তেখেতৰ কন্যা মাৰ্জিয়া আজিজে। এই বঁটাত আছে গামোছা, মানপত্ৰ, কিতাপৰ টোপোলা, ফাইল কাভাৰ আৰু নগদ ১,০০০ টকা। 

বিদ্যালয়ৰ শিক্ষকসকলে‌ নিজ নিজ বিষয়ত লেটাৰ নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীকো সম্বৰ্ধনা জনায়। অসমীয়া বিষয়ৰ শিক্ষক মকছেদ আলী, সমাজ বিজ্ঞানৰ শিক্ষক চামচুল হক, বিজ্ঞান বিষয়ৰ শিক্ষক জাকিৰ হুছেইন আৰু আৰবী বিষয়ৰ শিক্ষক ফয়জুল হকে লেটাৰ নম্বৰ লাভ কৰা ছাত্ৰ- ছাত্ৰীসকলক কিতাপৰ টোপলাৰে সম্বৰ্ধনা জনায়। 

বৰ্ণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ১৬গৰাকী ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা জনাই এখকৈ ফুলাম গামোছা, মানপত্ৰ আৰু গ্ৰন্থৰে। অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক –শিক্ষয়িত্ৰী, এছ এম ডি চিৰ সদস্য আলহাজ আটাউৰ ৰহমান, আফৰুজা বেগম, মাতৃগোটৰ সভানেত্ৰী চাবিনা ইছলামসহ সদস্যাসকল। তাৰোপৰি বৰ্ণি জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক নেকিবুল আহচান চৌধুৰীৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানৰ আঁত ধৰে শিক্ষক চামচুল হকে।

হাজো সম্বৰ্ধনা অনুষ্ঠান