আস্মিতা ৰাষ্ট্ৰীয় ছাব্‌-জুনিয়'ৰ খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগত অংশ ল'ব ৰাজ্যৰ ১৬ খেলুৱৈয়ে

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ প্ৰযোজনা আৰু পৰ্যবেক্ষণত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত দেশৰ ৩৬ ৰাজ্যৰ প্ৰায় ১০০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

author-image
Asomiya Pratidin
New Update
xcxc

ডিজিটেল সংবাদ,গুৱাহাটীঃ ছট্টিশগড়ৰ বিলাছপুৰস্থিত বি.আৰ. যাদৱ ইণ্ড'ৰ ষ্টেডিয়িমত অনুষ্ঠিত হ'বলগীয়া আস্মিতা ৰাষ্ট্ৰীয় ছাব্‌-জুনিয়'ৰ খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগত অংশ ল'ব ৰাজ্যৰ ১৬ গৰাকী খেলুৱৈয়ে। সেই উদ্দেশ্যে আজি গুৱাহাটী ৰেল-ষ্টেচনৰ পৰা বিলাছপুৰ অভিমুখে ৰাওনা হৈছে ১৬ গৰাকী মহিলা পেন্‌চাক চিলাট খেলুৱৈৰ দলটো।

উল্লেখ্য যে, এই খেল বিলাছপুৰস্থিত বি.আৰ. যাদৱ ইণ্ডোৰ ষ্টেডিয়িমত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত আগন্তুক ৯ ৰ পৰা ১২ এপ্ৰিললৈ অনুষ্ঠিত হ'ব। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ প্ৰযোজনা আৰু পৰ্যবেক্ষণত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত দেশৰ ৩৬ ৰাজ্যৰ প্ৰায় ১০০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

অসম পেনচাক চিলাট সন্থাৰ যুটীয়া সম্পাদক গগন চন্দ্ৰ বড়ো, সহঃ সম্পাদক স্বপন বড়ো আৰু ৰাষ্ট্ৰীয় বিচাৰক ঔম ছেত্ৰীৰ নেতৃত্বত অসমৰ ১৬ গৰাকী খেলুৱৈয়ে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ'ল' আদি শাখাত প্ৰতিযোগিতা আগবঢ়াব বুলি অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা উত্তৰ-পূৱ পেনচাক চিলাট মহাসংঘৰ উপ-সভাপতি লক্ষ্যজিত দলে জানিবলৈ দিয়ে।

খেল' ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ