বিৰোধীৰ অভিযোগৰ লিখিত উত্তৰ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

ভাৰতীয় ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেশ্যন লিমিটেডে পাকঘৰৰ ঠিকা প্ৰদানৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সাংসদ, বিধায়ক, মন্ত্ৰী আৰু জনপ্ৰতিনিধিয়ে দাখিল কৰা অভিযোগ সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিয়ে অশ্বিনী বৈষ্ণৱে।

author-image
Asomiya Pratidin
New Update
দৈনিক ৰে’লত ১৬ লাখ লোকক কৰা হয় খাদ্য পৰিবেশন

দৈনিক ৰে’লত ১৬ লাখ লোকক কৰা হয় খাদ্য পৰিবেশন

ডিজিটেল ডেস্ক: ভাৰতীয় ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেশ্যন লিমিটেডে পাকঘৰৰ ঠিকা প্ৰদানৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সাংসদ, বিধায়ক, মন্ত্ৰী আৰু জনপ্ৰতিনিধিয়ে দাখিল কৰা অভিযোগ আৰু তাৰ সৈতে জড়িত বিষয়সমূহৰ সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিয়ে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। বুধবাৰে লোকসভাত লিখিত উত্তৰত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সদৰী কৰে যে, "ভাৰতীয় ৰে'লৱেৰ নেটৱৰ্কত গড়ে প্ৰতিদিনে ১৬ লাখ খাদ্য পৰিবেশন কৰা হয়। যাত্ৰীসকলক ইমান বৃহৎ পৰিমাণৰ খাদ্যৰ মসৃণ আৰু নিৰৱচ্ছিন্ন সেৱা নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ভাৰতীয় ৰে'লৱে। লগতে যাত্ৰীসকলৰ সামগ্ৰিক সেৱা উন্নত কৰাৰ বাবে সময়ে সময়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হয়" বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

Advertisment

তেওঁ লগতে কয় যে, ৰে’লত খাদ্যৰ মান আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উন্নতি অনাৰ উদ্দেশ্যেৰে ৰে’ল মন্ত্ৰালয়ে কেৱল নিৰ্দিষ্ট পাকঘৰৰ পৰাহে ৰে’লত খাদ্য যোগানৰ নিয়মৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনাসমূহে সেৱাৰ স্থানৰ সৈতে ৰে’লৰ মেপিং আৰু ষ্টেচন এলেকাৰ পাকঘৰ কমিচনৰ বাবে চিনাক্ত কৰা স্থানৰ লগতে পথভিত্তিক ৰে’লৰ ক্লাষ্টাৰ গঠনৰ বাবে নীতি-নিয়ম প্ৰদান কৰিছিল। ইয়াৰ সমান্তৰালভাৱে, পৰ্যাপ্ত লজিষ্টিক সেৱাৰ আন্তঃগাঁথনি আৰু প্ৰশিক্ষিত লোকৰ নিয়োগ স্থাপন কৰিছিল।  ভাৰতীয় ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেশ্যন লিমিটেডে (আই আৰ চি টি চি) প্ৰচলিত নীতি নিৰ্দেশনাৰ কাঠামোৰ অধীনত এই ৰে’লৰ ক্লাষ্টাৰসমূহৰ নিবিদা গ্ৰহণ কৰিছে।”

ৰে’ল মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, "নিৰ্দিষ্ট পাকঘৰসমূহ ৰে’লসমূহলৈ খাদ্য যোগানৰ একক উৎস। ১৫ মাৰ্চলৈকে সমগ্ৰ দেশতে মুঠ ৭১৭টা বেচ কিচেন কমিচন কৰা হৈছে।" তেওঁ লগতে সদৰী কৰে, "ক্লাষ্টাৰ বেছ টেণ্ডাৰৰ বিৰুদ্ধে বিভিন্ন উচ্চ ন্যায়ালয়ত মুঠ ১৭টা দেৱানী গোচৰ ৰুজু কৰা হৈছে। ইয়াৰে ১৪টা গোচৰ ভাৰতীয়  ৰে'লৱে/আই আৰ চি টি চিৰ সপক্ষে খাৰিজ কৰা হৈছে। লগতে ৩টা গোচৰ শুনানি বাকী আছে।"

All India Railway Ashwini Vaishnaw ashwini baishnaw