/asomiyapratidin/media/media_files/2025/12/08/1-2025-12-08-20-31-42.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্রীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত আজি লোকসভাত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে এই আলোচনা আৰম্ভ কৰে। শ্রীমোডীয়ে আলোচনাত অংশ লৈ কয়, এই আলোচনাই সদনৰ দায়বদ্ধতাক প্রতিফলিত কৰাৰ লগতে পৰৱৰ্তী প্রজন্মসমূহক দেশাত্মবোধেৰে উদ্বুদ্ধ কৰিব।
তেওঁ কয়, এই গীতে দেশৰ স্বাধীনতা আন্দোলনক শক্তি দিয়াৰ লগতে মার্গ দৰ্শন কৰাইছিল। এই বিষয়টো লৈ আলোচনা কৰাটো সংসদৰ প্ৰতিগৰাকী সদস্যৰ বাবে গৰ্ব আৰু সৌভাগ্যৰ বিষয় বুলিও প্রধানমন্ত্রীয়ে মন্তব্য কৰে।
এই আলোচনাই ইতিহাসৰ স্মৰণীয় ঘটনাসমূহক সকলোৰে সন্মুখত উজ্জ্বল কৰি তোলাৰ লগতে নতুন প্ৰজন্মৰ বাবে পাথেয় হ'ব বুলিও প্রধানমন্ত্রীয়ে উল্লেখ কৰে। বংকিমচন্দ্র চট্টোপাধ্যায়ৰ এই অবিস্মৰণীয় সৃষ্টিয়ে ঔপনিবেশিক ব্রিটিছ চৰকাৰৰ বংগ বিভাজন নীতিকো ওফৰাই দিবলৈ জনসাধাৰণক উৎসাহিত কৰিছিল বুলি তেওঁ উল্লেখ কৰে।
বন্দে মাতৰম কেৱল এটা গীত নহয়, বৰং স্বাধীনতা সংগ্ৰামীসকলক ত্যাগ আৰু একাগ্ৰতাৰে নিজৰ পথত অগ্ৰসৰ হোৱাৰ প্ৰেৰণা যোগোৱা শক্তিশালী মন্ত্র আৰু শ্ল'গান আছিল বুলিও তেওঁ মন্তব্য কৰে। এই আলোচনাৰ বাবে ১০ ঘণ্টা সময় দিয়া হৈছে।
লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত পূর্বে অনুষ্ঠিত সর্বদলীয় বৈঠকতে আজি বন্দে মাতৰম আৰু কাইলৈ ভোটাৰ তালিকাৰ সংশোধনী সন্দর্ভত আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।
ৰাজ্যসভাত বন্দে মাতৰমৰ ডেৰশ বছৰ পূৰ্ণ হোৱা উপলক্ষে কাইলৈ আলোচনা অনুষ্ঠিত হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us