/asomiyapratidin/media/media_files/2025/08/02/protest-2-2025-08-02-21-00-47.jpg)
ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে ওলাই আহিল কেবাটাও জাতীয় দল-সংগঠন৷ আহ ঐ আহ ওলাই আহ, এই জুই জ্বলিছে জ্বলিবই, খেদ ঐ খেদ বিদেশীক খেদ, বাংলাদেশী গ’ বেগ, মিঞা হুচিয়াৰ, অসমৰ পৰা বিদেশী মুক্ত হ’বই লাগিব, অসম বেদখল মুক্ত হ’ব লাগিব আদি শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে৷
অসম চৰকাৰৰ উচ্ছেদক সমৰ্থন জনাই শিৱসাগৰত ১৫ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে আজি এই জোঁৰ সমদল উলিয়ায়৷ অসমৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল, জনজাতীয় সংৰক্ষিত এলেকা, সংৰক্ষিত সত্ৰৰ ভূমি তথা অন্যান্য চৰকাৰী ভূমি অবৈধ বেদখল উচ্ছেদ সমর্থন তথা সন্দেহজনক নাগৰিকৰ দ্বাৰা উজনি অসমৰ বিভিন্ন প্রান্তত হৈ থকা অবৈধ বেদখল উচ্ছেদ আৰু বাংলাদেশী বিতাৰণ কৰাৰ দাবীত ঐতিহাসিক শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহে এই জোঁৰ লৈ সমদল কাৰ্যসূচীত ভাগ লয়৷
আটাছু, জাতীয় সংগ্ৰামী সেনা, সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, আহোম জাতীয় গণমঞ্চ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আদি সংগঠনসমূহে চৰকাৰক প্ৰশংসা কৰি উজনিতো তীব্ৰ উচ্ছেদ কৰিবলৈ আহ্বান জনায়। জাতীয় সংগঠনকেইটাই মিঞাক পৰিস্থিতি বেয়া নোহোৱাৰ পূৰ্বেই অতি শীঘ্ৰে উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ দিয়ে৷
ঐতিহাসিক শিৱসাগৰত আজি যি অবৈধ নাগৰিকৰ আগ্ৰাসন হৈছে, তাৰ পৰা অসমক বচাব লাগিব বুলি উল্লেখ কৰি কাইলৈৰ পৰা শিৱসাগৰত থকা প্ৰতিটো ইটা ভাটা, মিঞাই কাম কৰা প্ৰতিষ্ঠানত অভিযান চলোৱা হ’ব বুলি সংগঠনকেইটাই জানিবলৈ দিয়ে৷ উজনি অসমত এইবাৰ মিঞা থাকিব নোৱাৰে বুলি সংগঠন কেইটাই স্পষ্ট কৰি দিয়ে৷
সন্দেহযুক্ত বাংলাদেশীক অসম চৰকাৰে চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰাৰ যি অভিযান আৰম্ভ কৰিছে, তাৰ বাবে অসম চৰকাৰক সংগঠনসমূহে ধন্যবাদ জনোৱাৰ লগতে এই পদক্ষেপক আদৰণি জনাইছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপক এক শক্তিশালী আৰু সাহসী পদক্ষেপ বুলি জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহে অভিহিত কৰে৷