/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/9403c8e8-d157-436f-ad7e-b922a20d5d28/mp22.jpg)
madhya pradesh
ডিজিটেল ডেস্কঃ দিপাৱলীৰ প্ৰাকক্ষণত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাই দেশজুৰি শোকৰ ছাঁ পেলাইছে। দিপাৱলী উপলক্ষে নৈশ বাছৰ জৰিয়তে স্বগৃহলৈ যোৱাৰ অৱস্থাতে সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১৫ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ৪০ জন লোক আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্ত ৪০ জনৰ ভিতৰত আকৌ কেইবাজনৰো অৱস্থা সংকটজন।
এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মধ্যমপ্ৰদেশত। ৰাজ্যখনৰ ৰেৱাৰ কাষৰ ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পিছতে উদ্ধাৰকাৰীয়ে চোহাগী আৰক্ষী থানাৰ আৰক্ষীৰ লগতে স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে।
দুৰ্ঘটনাত আহতসকলক এম্বুলেঞ্চৰ সহায়ত টিয়ন্থাৰ অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰ পৰৱৰ্তী সময়ত গুৰুতৰ ভাৱে আহতসকলক ৰেৱাৰ সঞ্জয় গান্ধী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। মধ্যপ্ৰদেশ-উত্তৰ প্ৰদেশ সীমান্তৱৰ্তী সুহাগী পৰ্বতৰ ওচৰত দুৰ্ঘটনাত পতিত হোৱা এই যাত্ৰীবাহী নৈশ বাছখন জবলপুৰ-ৰেৱা হৈ এলাহবাদলৈ গৈ আছিল।
উল্লেখ্য যে বাছখনত থকা সকোল যাত্ৰীয়েই দিপাৱলী উদযাপনৰ বাবে স্বগৃহলৈ গৈ আছিল বুলি জানিব পৰা গৈছে। পিছনিশা নৈশ বাছখনে এখন ট্ৰেইলাৰত খুন্দা মৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। ইফালে ট্ৰেইলাৰখনে পূৰ্বে আন এক দুৰ্ঘটনা সংঘটিত কৰি সৈ স্থানত ৰৈ আছিল।
ৰৈ থকা ট্ৰেইলাৰখনত নৈশ বাছখনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ বাবেই বাছখনৰ সন্মুখত থকা সকলো যাত্ৰীৰেই মৃত্যু হয়। প্ৰকাশিত খবৰ মতে বাছখনত আছিল প্ৰায় ১০০ জন যাত্ৰী। ইয়াৰে অধিকাংশই আছিল শ্ৰমিক। এই শ্ৰমিকসকল হায়দৰাবাদৰ চেকেন্দ্ৰাবাদৰ পৰা কাটনিলৈ গৈ তাৰ পৰা এই অভিশপ্ত বাছখনত উঠি উত্তৰ প্ৰদেশৰ স্বগৃহলৈ ৰাওনা হৈছিল।