নগাঁৱত কৃষি সামগ্ৰী ব্যৱসায়ীৰ ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যোগত, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ দ্বাৰা আয়োজিত "কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্যসূচী"ৰ বৃহস্পতিবাৰে সামৰণি পৰে।

author-image
Asomiya Pratidin
New Update
opppppp

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যোগত, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ দ্বাৰা আয়োজিত "কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্যসূচী"ৰ বৃহস্পতিবাৰে সামৰণি পৰে।

Advertisment

শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সামৰণি অনুষ্ঠানৰ উদেশ্য ব্যাখ্যা কৰি কেন্দ্ৰটিৰ উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মাই সদৰি কৰে যে, "এই ১৫ দিনীয়া প্ৰশিক্ষণত ব্যবসায়ীসকলে যিখিনি জ্ঞান আহৰণ কৰিছে, সেইখিনি মনত ৰাখি ভৱিষ্যতৰ দিনত ব্যৱহাৰ কৰিব। কৃষকক সহায় কৰাৰ লগতে মাটিৰ যাতে কোনো ক্ষতি নহয় সেই বিষয়ে সদায় লক্ষ্য ৰাখিব। সামান্য লাভৰ আশাত যাতে ব্যৱসায়ী সকলে ক্ষতিকাৰক বস্তু বিক্ৰী নকৰে, যিয়ে আমাৰ মাটি পানী বায়ু নষ্ট কৰে। তাৰ প্ৰতি সকলো দ্বায়বদ্ধ হব লাগিব" বুলি মন্তব্য প্ৰকাশ কৰে।

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথে আঁত ধৰা সামৰণি অনুষ্ঠানত অতিথি ৰূপে উপস্থিত থাকি জিলা কৃষি বিভাগৰ মহকুমা কৃষি বিষয়া অসীম পাঠকে "প্ৰশিক্ষণ গ্ৰহণ কৰা কৃষি সামগ্ৰী ব্যৱসায়ী সকলে পৰৱৰ্তী সময়ত নিজৰ অঞ্চলৰ কৃষক সকলক প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰি, উপকৃত কৰাৰ বিভিন্ন কাৰ্যপন্থা হাতত লৈ সামাজিক দ্বায়িত্ব পালন কৰিব" বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।  

ইফালে, মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ জেষ্ঠ বিজ্ঞানী ড০ অৰূপ শৰ্মায়ো "কৃষি সামগ্ৰী ব্যৱসায়ী সকলৰ সমাজত দায়িত্ব বহুত, কাৰণ তেওঁলোকে কৃষকক শুদ্ধ পৰামৰ্শ প্ৰদান কৰি কৃষি ব্যবসায়ী সকলে সাঁকোৰ ভূমিকা পালন কৰিব লাগিব। এই সাঁকো কৃষক আৰু বিভিন্ন উন্নয়নমূলক এজেন্সীৰ সমন্বয়ক হিচাপে কাম কৰিব লাগিব" বুলি ভাষণ প্ৰদান কৰে। 

আনহাতে, নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ২৫ গৰাকী কৃষি সামগ্ৰী ব্যৱসায়ীয়ে অংশ গ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন, সামূহীক বিজ্ঞান বিশেষজ্ঞা ড০ আছফিকা ইছলাম, প্ৰকল্প সহযোগী ৰূপক কুমাৰ টায়ে, আঁচনি সহায়ক বিষ্ণু নাৰায়ণ ফুকনকে আদি কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কৰ্মচাৰীসকল উপস্থিত থাকে। কেন্দ্ৰৰ পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেশ ডেকাই শলাগৰ শৰাই আগবঢ়োৱাৰ পূৰ্বে প্ৰশিক্ষণ গ্ৰহণ কৰা কৃষি সামগ্ৰী ব্যৱসায়ী সকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

নগাঁও অসম কৃষি বিশ্ববিদ্যালয়