/asomiyapratidin/media/media_files/2025/04/06/Auarao36ooFbiXxNU81A.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ ইটাখোলা কেন্দ্ৰৰ সংগীতসুৰ্য্য ড° ভূপেন হাজৰিকা সোঁৱৰণী মঞ্চত ২১ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা ১৫ দিনীয়া বিহু কৰ্মশালাখনিৰ শনিবাৰে সন্ধিয়া সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷ ইটাখোলা ৰঙালী বিহু উদযাপন সমিটিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আয়োজিত বিহু কৰ্ম্মশালাখনিত বৃহত্তৰ ইটাখোলা অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম্ম সম্প্ৰদায় নিৰ্ব্বিশেষে সকলো শ্ৰেণীৰ দুই শতাধিক শিশু, কিশোৰ- কিশোৰী, যুৱক- যুৱতীক ঢোল বাদন, পেপা বাদন আৰু বিহুনাচৰ প্ৰশিক্ষণ প্ৰদান কৰে কেইবাগৰাকী অভিজ্ঞ প্ৰশিক্ষকে ৷
ইটাখোলা ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি লক্ষীকান্ত বৰাৰ সঞ্চালনাত অনুষ্ঠিত সামৰণি অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিধায়ক পদ্ম হাজৰিকাই। তেওঁ সুদক্ষ প্ৰশিক্ষক কেইগকাকীক ফুলাম গামোচা আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে বিহু কৰ্ম্মশালাখনিৰ প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ প্ৰমানপত্ৰ প্ৰদান কৰে।
উল্লেখযোগ্য যে, ইটাখোলা ৰঙালী বিহু উদযাপন সমিতিয়ে জাতি, ধৰ্ম্ম, বৰ্ণ নিৰ্ব্বিশেষে বিভিন্ন ভাষা -ভাষী লোকৰ বসতি প্ৰধান অঞ্চলটিত এনেদৰে বিহু কৰ্ম্মশালা অনুষ্ঠিত কৰি সমাগত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি চলোৱা বিষয়টোৱে অঞ্চলটোৰ ৰাইজৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক শক্তিশালি কৰিব বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই। তেওঁ ইয়াৰ বাবে উদযাপন সমিতিৰ বিষয়ববীয়া, সদস্যসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰে ৷
ইফালে সামৰণী অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ইটাখোলা ব্যৱসায় সন্থাৰ প্ৰাক্তন সভাপতি তপন চৌধুৰী, বিশিষ্ট সমাজকৰ্মী অশোক গুপ্তা,ৰামেশ্বৰ চাহু আৰু চুৰেশ চাহে ৷ ইয়াৰ উপৰিও প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱক ও ৰাইজৰ লগতে বহুকেইগৰাকী গন্যমান্য ব্যক্তিয়ে অংশ লয়। সামৰণী অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে পৰিবেশন কৰা সুন্দৰ বিহু গীত, নৃত্য, ঢোল বাদন আৰু পেপা বাদনৰ অনুষ্ঠান উপভোগ কৰি আপ্লুত হয় ৷