ধুবুৰীত ১৫দম্পতীৰ গণ বিবাহৰ আয়োজন

ধুবুৰীৰ কালিবাড়ী মন্দিৰ প্ৰাংগণত গণ বিবাহৰ কাৰ্যসূচী হাতত লোৱা হৈছে। কালিবাড়ী ট্ৰাষ্টি বোৰ্ডৰ উদ্যোগত আৰ্থিকভাৱে পিছপৰা আৰু শাৰিৰীকভাৱে অক্ষম যুৱক-যুৱতী সকলক লৈ অহা ৬ জুলাইত অনুষ্ঠিত হ'ব এই গণ বিবাহ অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
xcccccccccccxc

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ কালিবাড়ী মন্দিৰ প্ৰাংগণত গণ বিবাহৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ধুবুৰীৰ কালিবাড়ী ট্ৰাষ্টি বোৰ্ডৰ উদ্যোগত আৰ্থিকভাৱে পিছপৰা আৰু শাৰিৰীকভাৱে অক্ষম যুৱক-যুৱতী সকলক লৈ অহা ৬ জুলাইত অনুষ্ঠিত হ'ব এই গণ বিবাহ অনুষ্ঠান।

Advertisment

ধুবুৰীৰ কালিবাড়ী ট্ৰাষ্টি বোৰ্ডৰ গণ বিবাহ কাৰ্যসূচীৰ আহ্বায়ক কমিটীৰ অন্যতম সদস্য শুচিব্ৰত সিংহ চৌধুৰীয়ে উল্লেখ কৰে যে, "এইবাৰ চলিত বৰ্ষটোত সপ্তম বাৰৰ বাবে ধুবুৰী কালিবাৰীত গণ বিবাহৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে । ধুবুৰী কালিবাৰী মন্দিৰ এটি বহু পুৰণি ধাৰ্মিক অনুষ্ঠান। এই মন্দিৰ কমিটীয়ে বহু আগৰ পৰাই বিভিন্ন সময়ত বিভিন্ন ধৰণে সমাজ সেৱা মূলক কাম কৰি আহিছে। আৰ্থিকভাৱে দুৰ্বল লোকৰ কথা চিন্তা কৰি ২০১৬ চনৰ পৰা ধুবুৰী কালিবাড়ী ট্ৰাষ্টী বোৰ্ডে গণ বিবাহৰ আয়োজন কৰি আহিছে।" প্ৰতি বছৰৰ দৰে এইবেলিও মুঠ ১৫ জোৰা দম্পতীক লৈ অহা ৬ জুলাইত গণবিবাহ অনুষ্ঠান টো পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে বুলিও জানিবলৈ দিয়ে শুচিব্ৰত সিংহ চৌধুৰীয়ে।

ধুবুৰী বিবাহ