Advertisment

কোকৰাঝাৰত ১৫ খনকৈ বড়ো ভাষাৰ গ্ৰন্থ উন্মোচন....

এনআইবিত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানৰ যোগেদি কিতাপকেইখন উন্মোচন কৰে বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰী আৰু কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ আদাৰাম বসুমতাৰীয়ে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ  গ্ৰন্থপ্ৰেমীলৈ সুখবৰ কঢ়িয়াই আনি ২০২৪ চনৰ শেষৰটো ৰবিবাৰে অৰ্থাৎ নৱবৰ্ষৰ প্ৰাকমুহুৰ্তত কোকৰাঝাৰত উন্মোচন হ'ল ১৫খনকৈ বড়োভাষাৰ গ্ৰন্থ । বড়ো মহিলা লেখিকা সন্থাৰ উদ্যোগত কোকৰাঝাৰৰ ডনবস্কো স্কুলৰ সন্মুখত থকা এনআইবিৰ কাৰ্যালয় প্ৰেক্ষাগৃহত আজি একেদিনাই ১৫ খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। ইয়াৰে ৯ খন কবিতাপুথি , ২ খন চুটিগল্প আৰু আন চাৰিখন ৰচনা আৰু সমালোচনাত্মক গ্ৰন্থ বুলি সদৰি কৰিছে সাহিত্য অকাডেমী বঁটা প্ৰাপক তথা বড়ো মহিলা লেখিকা সন্থাৰ সভানেত্ৰী অনজু বসুমতাৰীয়ে। 

Advertisment

উল্লেখ্য যে আজি এনআইবিত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানৰ যোগেদি কিতাপকেইখন উন্মোচন কৰে বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰী আৰু কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ আদাৰাম বসুমতাৰীয়ে । গ্ৰন্থ উন্মোচন কৰি বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰীয়ে কয় যে পুৰুষ প্ৰধান সাহিত্য জগতত পুৰুষহে প্ৰাধন্য বিস্তাৰ কৰি আহিছে । কিন্তু সাহিত্যত নাৰীসমাজৰ মনৰ ভাৱ ভালদৰে প্ৰকাশ নহয় । প্ৰকৃততে পুৰুষপ্ৰধান সমাজত নাৰীয়েহে নাৰীৰ মনৰ কথা কব পাৰিব । নাৰী আগবাঢ়ি অহাটো শুভলক্ষণ । নাৰীৰ স্বাধীনতা, স্বাভিমানক সন্মান প্ৰদৰ্শন কৰি বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰীয়ে বড়ো মহিলা লেখিকা সন্থাৰ উদ্যোগক প্ৰশংসা কৰে ।

এইফালে গ্ৰন্থ উন্মোচনী সভাত বড়ো মহিলা লেখিকা সন্থাৰ সভানেত্ৰী অনজু বসুমতাৰীয়ে কয় যে সাহিত্যিকসকলক উৎসাহিত কৰিবলৈ প্ৰতিবছৰে তেওঁলোকে গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰি আহিছে । যোৱা বছৰ নৱেম্বৰ মাহত ১১ খনকৈ গ্ৰন্থ উন্মোচন কৰা হৈছিল আৰু এইবেলি ১৫ খনকৈ গ্ৰন্থ উন্মোচন কৰা হ'ল। ব্যস্ততাৰ বাবে গাইগুটীয়াভাৱে গ্ৰন্থ উন্মোচন কৰাটো দুৰহ কাম আৰু সেয়েহে বড়ো মহিলা লেখিকা সন্থাই এনে উদ্যোগ গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰি ইয়াৰ দ্বাৰা সাহিত্যিকসকল নিজৰ গ্ৰন্থ উন্মোচন কৰিবলৈ আগবাঢ়ি আহিছে বুলি মন্তব্য কৰে অনজু বসুমতাৰীয়ে।

উল্লেখ্য যে আজিৰ গ্ৰন্থ উন্মোচনী সভাত সাহিত্য অকাডেমী বঁটা প্ৰাপক ক্ৰমে অনজু বসুমতাৰী, ভাৰ্জিন জেকোভা মুছাহাৰী, ° ইন্দিৰা বড়োকে ধৰি আন কেবাগৰাকী নবীন-প্ৰবীণ সাহিত্যিকৰ গ্ৰন্থ উন্মোচন কৰা হয় ।

কোকৰাঝাৰ গ্ৰন্থ উন্মোচন বড়ো