/asomiyapratidin/media/media_files/2025/04/20/OHsww10PrY7uqiuC997L.jpg)
বৰমাত ১৪ তম ৰংজালি বৈশাগু ফোৰবো উদযাপন
ডিজিটেল সংবাদ, বৰমা: বাক্সা জিলাৰ বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত উদাংশ্ৰী স্পৰ্টছ ক্লাৱৰ প্ৰাঙ্গণত দেওবাৰে ১৪ তম ৰংজালি বৈশাগু ফোৰবো দিনযোৰা কাৰ্য্যসূচী উদযাপন কৰা হয় ৷ বৈছাগু উৎসৱৰ কাৰ্য্যসূচীত মুখ্য দ্বাৰ উন্মোচন কৰে বিটিচিৰ কেন্দ্ৰীয় বাছনি ব’ৰ্ডৰ অধ্যক্ষ দীপক কুমাৰ বসুমতাৰীয়ে, মুখ্য মঞ্চ উন্মোচন কৰে ভাৰতীয় ষ্টেট বেংকমাখিবাহা শাখা প্ৰৱদ্ধক মাধৱ ৰামছিয়াৰী। ভোজনালয় উদ্ধোধন কৰে বৰমা বড়ো জেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি ভূধৰ ব্ৰহ্মই।
সভাপতি গদাধৰ বড়োই বৈশাগু ফোৰবোৰ পতাকা উত্তোলন কৰাৰ পিছত জেষ্ঠজনক মান কৰা আৰু সৰুক আশীৰ্বাদ দিয়া হয় ৷ ইয়াৰ পিছতেই বড়ো সকলৰ খাদ্য সমুহীয়াভাবে গ্ৰহণ কৰে। বড়ো খাদ্য খোৱাৰ অন্তত সকলোৱে বৈছাগু মোচানাই কৰে ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷ বিভিন্ন খেল-ধেমালি আৰু নৃত্য প্ৰতিযোগিতা উন্মোচন কৰে বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক বিষ্টি কুমাৰ বড়োৱে ৷
আবেলি গদাধৰ বড়োৰ সভাপতিত্ব কৰা সাংস্কৃতিক মুকলি সভা অনুস্থিত হয় ৷ সাংস্কৃতিক সভা মুকলি কৰে বৰমা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ৰৈৰূপ ব্ৰহ্মই ৷ ৯ সংখ্যক স্মৃতিগ্ৰন্থ 'বৈছাগো ৰিফিনায়’উন্মোচন কৰে ড° কবিতা ৰামছিয়াৰীয়ে ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভুপেন বড়োৱে। অতিথি হিচাপে অংশগ্ৰহণ কৰে নিখিল বড়ো ছাত্ৰ সন্থা বাক্সা জিলা সমিতিৰ সভাপতি নন্দেশ্বৰ বড়ো, বৰমা চেম্বাৰ্চ অফ কমাৰ্চৰ সভাপতি বিপুল কলিতা, সমাজকৰ্মী ক্ৰমে জগেন চৌধুৰী, নৰেন বড়ো, ধৰনি বড়ো ৷ ইয়াৰ পিছত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷