/asomiyapratidin/media/media_files/2025/01/21/DHgNSqIIKyU8hMfHX4Ji.jpg)
ছত্তীশগড়ত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষত ১৪জন মাওবাদী নিহত
ডিজিটেল ডেস্ক : ছত্তীশগড়ৰ গৰীয়াবান্ধ জিলাত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত মৃত্যু হৈছে ১৪জনকৈ মাওবাদীৰ। নিহত সকলৰ ভিতৰত আছে- কেন্দ্ৰীয় সমিতিৰ সদস্য জয়ৰাম ওৰফে চালপতি। ছত্তীশগড়- উৰিষ্যা সীমান্তৰ মইনপুৰ থানাৰ অন্তৰ্গত এখন অৰণ্যত এই মাও দলটোৱে আশ্ৰয় লৈ থকাৰ খবৰ পাই নিৰাপত্তাৰক্ষীয়ে এই অভিযান চলাইছিল।
নিহত সকলৰ ভিতৰত এজন মাওবাদীৰ মূৰৰ দাম ১ কোটি টকা ঘোষণা কৰিছিল নিৰাপত্তাৰক্ষীয়ে । সংঘৰ্ষস্থলীৰ পৰা এটা স্বয়ংক্ৰিয় ৰাইফল, বৃহৎ সংখ্যক গোলা- বাৰুদ, আই ই ডিকে ধৰি বৃহৎ পৰিমাণৰ নগদ ধনো উদ্ধাৰ কৰা হৈছে।
উল্লেখযোগ্য যে উৰিষ্যাৰ নুৱাপাদ জিলাৰ সীমান্তৰ পৰা ৫ কিলোমিটাৰ দূৰত অৱস্থিত কোলাৰীঘাট সংৰক্ষিত বনাঞ্চলত দীৰ্ঘদিন ধৰি মাওবাদীয়ে ঘাটি পতাৰ তথ্য চোৰাংচোৱাই নিৰাপত্তাৰক্ষীক যোগনা ধৰিছিল। সেই তথ্যৰ ভিত্তিতে নিৰাপত্তাৰক্ষীয়ে এই অভিযান চলাই ১৪জনকৈ মাওবাদীক গুলীয়াই নিহত কৰিবলৈ সক্ষম হয়।