পখিলা খেদাৰ বয়সত মানশিৰিৰ ১৩বছৰীয়া কন্যা জটিল ৰোগত আক্ৰান্ত…

পখিলা খেদাৰ বয়সতে শোণিতপুৰ জিলাৰ অন্তৰ্গত খনামুখ মানশিৰিৰ এটি কন্যা শিশু কৰ্কট ৰোগত আক্ৰান্ত হোৱাত দৰিদ্ৰ পৰিয়ালটোৰ মাজত হাঁহাকাৰৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
১৩বছৰীয়া কন্যা জটিল ৰোগত আক্ৰান্ত

১৩বছৰীয়া কন্যা জটিল ৰোগত আক্ৰান্ত

ডিজিটেল সংবাদ, তেজপুৰ : পখিলা খেদাৰ বয়সতে শোণিতপুৰ জিলাৰ অন্তৰ্গত খনামুখ মানশিৰিৰ এটি কন্যা শিশু কৰ্কট ৰোগত আক্ৰান্ত হোৱাত দৰিদ্ৰ পৰিয়ালটোৰ মাজত হাঁহাকাৰৰ সৃষ্টি কৰিছে। এইক্ষেত্ৰত শিশুটিৰ পিতৃ ভীম বাহাদুৰ কাৰ্কী আৰু মাতৃ দুৰ্গা দেৱীয়ে নিজ কন্যাৰ উন্নত চিকিৎসাৰ হেতু সহায় বিচাৰি মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মালৈ কৰযোৰে প্ৰাৰ্থনা জনাইছে। 

উল্লেখযোগ্য যে, খনামুখ তিনিঘৰীয়াৰ নিবাসী তথা অতি দৰিদ্ৰ পৰিয়ালৰ ভীম বাহাদুৰ কাৰ্কীয়ে কন্যা খুচি দেৱীৰ উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটী আৰু তেজপুৰ টুমুকী কৰ্কটৰোগৰ চিকিৎসালয়লৈ নিছে। কিন্তু শিশুটিৰ উন্নত চিকিৎসাৰ বাবে অধিক অৰ্থৰ প্ৰয়োজন হোৱাত পৰিয়ালটো থমকি ৰবলগীয়া হৈছে। সেয়ে পৰিয়ালটোৱে কন্যাৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী আৰু ৰাইজৰ পৰা সহায় বিচাৰিছে। 

দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা পিতৃ ভীম বাহাদুৰ কাৰ্কীয়ে আজি হাতযোৰ কৰি ৰাইজলৈ আহ্বান জনাই কয়- বিপদৰ সময়ত মোৰ কন্যাক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত অকণমান সহায় কৰক। ইফালে মানশিৰি হাইস্কুলত সপ্তম শ্ৰেণীত পঢ়ি থকা খুচি জটিল ৰোগত আক্ৰান্ত হোৱাৰ বিষয়ে জানিব পাৰি বৃহত্তৰ অঞ্চলটোৰ একাংশ শুভাকাংক্ষী সহায় কৰিবলৈ আগবাঢ়ি আহিছে। 

কন্যা শিশুটি সোনকালে সুস্থ হৈ উঠাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সকলোকে সহায় কৰিবলৈ আহ্বান জনাইছে ৰাইজে।

Tezpur Medical College tezpur