অশান্ত জৰ্জৰ মনিপুৰত আটক ১৩ উগ্ৰপন্থী

বিগত ২৪ ঘন্টাৰ ভিতৰত মনিপুৰৰ টেংনৌপাল, পূৱ ইম্ফল, পশ্চিম ইম্ফল, থৌবাল আৰু কাকছিং জিলাৰ বিভিন্ন স্থানত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে মুঠ ১৩ জন‌ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে।‌

author-image
Asomiya Pratidin
New Update
অশান্ত জৰ্জৰ মনিপুৰত আটক ১৩ উগ্ৰপন্থী

অশান্ত জৰ্জৰ মনিপুৰত আটক ১৩ উগ্ৰপন্থী

ডিজিটেল সংবাদ,শিলচৰ: অশান্ত জৰ্জৰ মনিপুৰত উগ্ৰপন্থী আৰু অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। বিগত ২৪ ঘন্টাৰ ভিতৰত মনিপুৰৰ টেংনৌপাল, পূৱ ইম্ফল, পশ্চিম ইম্ফল, থৌবাল আৰু কাকছিং জিলাৰ বিভিন্ন স্থানত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে মুঠ ১৩ জন‌ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে।‌ এই ১৩ জন উগ্ৰপন্থী ভিতৰত ৮  জন  নিষিদ্ধ সংগঠন কেচিপিৰ, ৩ জন প্ৰীপাকৰ আৰু পিএলএৰ ২জন বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।‌ 

Advertisment

উগ্ৰপন্থী কেইজনৰ পৰা বুজন পৰিমাণৰ অত্যাধুনিক মাৰণাস্ত্ৰও জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে।‌ ম্যানমাৰ সীমান্তৰ টেংনৌপাল জিলাৰ  মিনাওত অভিযান চলাই আৰক্ষীয়ে মেগজিনসহ ১টা একে ৫৬ ৰাইপল, ২ টা মেগজিন সহ ১টা ইনছাছ ৰাইফল(INSAS Rifle), ১টা কাৰ্বাইন গান, ৬ টা আইইডি, ২টা হেণ্ড গ্ৰেণেড, বিভিন্ন মাৰণাস্ত্ৰৰ ১০১ টা সক্ৰিয় গুলি জব্দ কৰে। ভাৰত-ম্যানমাৰ সীমান্তত প্ৰৱেশৰ সময়ত নিৰাপত্তা বাহিনীয়ে এই বুজন পৰিমাণৰ মাৰণাস্ত্ৰসহ দুজন লোকক আটক কৰিছিল। পিছত অস্ত্ৰ ভৰ্তি বেগ দুটা পেলাই সুযোগ বুজি পলাই যায় অস্ত্ৰ সৰবৰাহকাৰী দুজন।

আনহাতে, পশ্চিম ইম্ফল জিলাৰ ছাইৰক টুৰেল মাপাল এলেকাত অভিযান চলাই আৰক্ষীয়ে ১টা  ৭.৬২ এচএলআৰ, ১টা ৩০৩ ৰাইফল, ১টা  এছবিবিএল গান, ২টা .২২ ৰাইফল, ১টা ফ্লৰ গান, ২টা নাইন এমএম পিষ্টল, ১টা হেণ্ড গ্ৰেণেডসহ বুজন সংখ্যক সক্ৰিয় গুলি জব্দ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ উগ্ৰপন্থী কেইজনৰ পৰাও যথেষ্ট সংখ্যক মাৰণাস্ত্ৰ, গুলী, মোবাইল ফোন আৰু অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়।

মনিপুৰ