/asomiyapratidin/media/media_files/2025/07/22/new-ap-web-1-6-2025-07-22-19-01-09.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ মহানগৰৰ জি এছ ৰোডস্থিত হোটেল প্রগতি মেনৰৰ সভাকক্ষত অনুসূচিত জাতিৰ ১৩টা সংগঠনৰ যৌথ জৰুৰী বৈঠক অনুষ্ঠিত হয়। জৰুৰী বৈঠকত অসম অনুসূচিত জাতি পৰিষদ, সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা, জয় ভীম মিছন, সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্র সন্মিলন, অনুসূচিত জাতি যুৱ-ছাত্র সন্থা, ইউনাইটেড বহুজন ৰিপাব্লিকান এক্সন কমিটি, কৈৱর্ত মহিলা সভা, জি কে এডুকেশ্যন ফাউণ্ডেশ্যন, অনুসূচিত জাতি মহিলা ঐক্য মঞ্চ, বণিয়া সন্মিলনী, নমঃশূদ্ৰ সন্মিলনী, হীৰা সন্মিলনী, অনুসূচিত জাতি সংগ্রামী যুৱ পৰিষদৰ প্ৰতিনিধি উপস্থিত থাকে৷
জৰুৰী বৈঠকত অসম চৰকাৰে গোপনে অ’বিচি তালিকাভুক্ত কেওঁট সম্প্ৰদায়ক অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰিবলৈ লোৱা জাতি ধ্বংসী সিদ্ধান্তক লৈ বিশদ আলোচনা কৰা হয়৷ বিষয়টোক অত্যাধিক গুৰুত্ব প্ৰদান কৰি কোনো কাৰণত কেওঁট সম্প্ৰদায়ক অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত মানি লোৱা নহয় বুলি সংগঠনকেইটাই স্পষ্ট কৰে৷
যদি চৰকাৰ অতিশীঘ্ৰে সিদ্ধান্ত বাতিল নকৰে তেন্তে ৰাজপথত আন্দোলন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বৈঠকত অসম চৰকাৰে ভাৰতৰ সংবিধানক উলংঘা কৰাৰ বিষয়টোক লৈ আলোচনা কৰা হয়৷ যদি কোনো গোট বা জনগোষ্ঠীক অনুসূচিত জাতি হিচাপে অন্তর্ভুক্ত কৰিব লাগে তেন্তে সংবিধানত দীঘলীয়া আৰু কঠোৰ প্ৰক্ৰিয়া নিহিত কৰিছে ৷ কিন্তু অসম চৰকাৰে কেওঁটসকলক পিছ দুৱাৰেৰে অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰিব খুজিছে ৷
অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰাৰ অৰ্থই এয়াই যে যি সম্প্ৰদায়সমূহ ইতিহাসত অনৈতিকভাৱে লাঞ্চিত হৈ আহিছে তেওঁলোকৰ আৰ্থ-সামাজিক অৱস্থা উন্নত কৰা ৷ সমাজত সামাজিক, শিক্ষাগত আৰু আৰ্থিক বৈষম্যৰ দ্বাৰা পীড়িত তেওঁলোকক ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩৪১ আৰু ৩৪২ নিৰ্ধাৰণ কৰে যে তেওঁলোক অনুসূচিত জাতি হিচাপে গণ্য হ’ব।
অনুচ্ছেদ ৩৪১ত কোনো গোট বা জনগোষ্ঠীক অনুসূচিত জাতি হিচাপে অন্তর্ভুক্ত কৰিব তাৰ প্ৰক্ৰিয়া স্পষ্টকৈ উল্লেখ কৰা হৈছে৷ এই ঘোষণা ৰাজ্যপালৰ পৰামৰ্শৰ পাছত কৰা হয়। অন্তর্ভুক্তিৰ প্ৰক্ৰিয়াত আহে ৰাজ্য চৰকাৰৰ প্ৰস্তাৱৰ দ্বাৰা৷ ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰৰ ওচৰত কোনো জনগোষ্ঠীক অনুসূচিত জাতিৰ তালিকাত অন্তর্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিব পাৰে। প্ৰস্তাৱক লৈ কেন্দ্ৰীয় চৰকাৰে পৰ্যালোচনা কৰিব ৷
কেন্দ্ৰীয় চৰকাৰে সেই প্ৰস্তাৱ ভাৰতৰ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ ওচৰলৈ পৰ্যালোচনাৰ বাবে পঠাব। ৰেজিষ্ট্ৰাৰ জেনেৰেলে অনুমোদন দিলে প্ৰস্তাৱ ৰাষ্ট্ৰীয় অনুসূচিত জাতি-জনজাতি আয়োগলৈ পঠিয়াব৷ তাৰ পিছত, এই প্ৰস্তাৱটো কেন্দ্ৰীয় মন্ত্ৰীসভা আৰু সংসদত অনুমোদনৰ বাবে যাব। সংসদৰ অনুমোদনৰ পাছত ৰাষ্ট্ৰপতিয়ে গেজেট বিজ্ঞপ্তিৰে সেই জনগোষ্ঠীক নিৰ্দিষ্ট ৰাজ্য বা অঞ্চলৰ অনুসূচিত জাতি হিচাপে অন্তর্ভুক্ত কৰে।
সংবিধানত স্পষ্টকৈ অন্তর্ভুক্তিৰ মানদণ্ড উল্লেখ কৰিছে যে সামাজিক, শিক্ষাগত, আৰ্থিক দুৰৱস্থা, অস্পৃশ্যতা, ঐতিহাসিক অভ্যাস, সামাজিক বিৰহ, স্বতন্ত্ৰ সংস্কৃতি, সমাজৰ সৈতে সংযোগ স্থাপনৰ অপ্ৰবণতা আদি চাব লাগিব ৷ ইতিহাসত বঞ্চনাৰ সন্মুখীন হৈ অহা জনগোষ্ঠীসমূহক সংৰক্ষণৰ অধীনত শিক্ষাগত, চাকৰি আৰু ৰাজনৈতিক সুবিধা প্ৰদানৰ উদ্দেশ্য নিহিত কৰিছে সংবিধানে ৷ কিন্তু কেওঁট সম্প্ৰদায় কেতিয়াও অস্পৃশ্য বা সমাজত বৈষম্যৰ বলি হোৱা নাই ৷
সদায়েই সমাজত উচ্চ আসন লাভ কৰি আহিছে৷ সাধাৰণ শ্ৰেণীৰ লোক হিচাপে সন্মান লাভ কৰি আহিছে৷ কেতিয়াও সামাজিক অস্পৃশ্যতাৰ বলি নোহোৱা আৰ্থ-সামাজিকভাৱে সবল কেওঁটসকলক সংবিধানৰ নিৰ্দেশনা উলংঘা কৰি ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অনুসূচিত জাতিৰ মৰ্যাদা দিব খোজা কথাটোক কেতিয়াও মানি ল’ব নোৱাৰি ৷
আজিৰ বৈঠকে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ২০২১-২২ আৰু ২০২৩-২৪ বৰ্ষত অনুসূচিত জাতিৰ লোকৰ মাজত টিভি আৰু পাকঘৰৰ সামগ্ৰী প্ৰদানৰ নামত সংঘটিত কেলেংকাৰীৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে৷ আনহাতে, সংগঠনে সমূহে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে বিভিন্ন ছাত্ৰকে ধৰি ৰাজ্যৰ প্ৰতিটো বিভাগত অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি কেইবা শ লোকে চাকৰি কৰি আহিছে।
অনা-অনুসূচিত জাতিৰ লোকে ভুৱা প্ৰমাণপত্ৰ যোগে চাকৰি কৰি থকাৰ তথ্যসহ অনুসূচিত জাতিৰ সংগঠনসমূহে অসম চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক অভিযোগ দাখিল কৰি আহিছে৷ আজিলৈ ভুৱা ছাত্ৰ, চাকৰিয়ালসমূহৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰা নাই চৰকাৰে ৷ সকলোৰে ভুৱা প্ৰমাণপত্ৰ আৰু চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী জনাইছে ৷
মিছন ভূমিপুত্ৰ এপ যোগে অনা-অনুসূচিত জাতিৰ লোকে জাতিগত প্ৰমাণপত্ৰ লাভ কৰি আহিছে৷ সেয়েহে মিছন ভূমিপুত্ৰ এপ বাতিলৰ দাবী জনাইছে ৷ অ’বিচি তালিকাভুক্ত কেওঁট সম্প্ৰদায়ক অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰিবলৈ লোৱা জাতি ধ্বংসী অসমৰ অনুসূচিত জাতিৰ আন আন সমস্যাসমূহ সমাধানৰ দাবী জনাই চাৰিটা গুৰুত্বপূৰ্ণ প্রস্তাৱ গ্রহণ কৰে।
জৰুৰী বৈঠকত ১ নং প্রস্তাৱ যোগে অহা ইংৰাজী ২৯ জুলাই, ২০২৫ তাৰিখে অসম বিধানসভাৰ সন্মুখত বৃহৎ প্রতিবাদী কার্য্যসূচী গ্ৰহণ, ২ নং প্রস্তাৱ যোগে অহা ইংৰাজী ০১ আগষ্ট, ২০২৫ তাৰিখে অসম বন্ধ দিয়াৰ সিদ্ধান্ত লয় ৷ কেওঁট সম্প্রদায়ক অনুসূচিত জাতিত অনুৰ্ভুক্ত কৰিবলৈ লোৱা জাতি ধ্বংসী সিদ্ধান্ত বাতিল কৰা আৰু অসমৰ অনুসূচিত জাতিৰ সমস্যাসমূহ সমাধানৰ দাবীত ১২ ঘণ্টীয়া অসম বন্ধ কাৰ্যসূচী পালন কৰা হ’ব।
৩ নং প্রস্তাৱ মৰ্মে অহা আগষ্ট মাহৰ পৰা অনুসূচিত জাতিৰ সংগঠনসমূহৰ দ্বাৰা প্রতিখন জিলা, সম-জিলাত অৱস্থান ধর্মঘট আৰু প্ৰতিমূৰ্তি দাহ কার্য্যসূচী ৰূপায়ন কৰাৰ লগতে চতুৰ্থ প্রস্তাৱ মৰ্মে অহা আগষ্ট মাহৰ শেষত দিল্লীৰ জন্তৰ-মন্তৰত এক প্রতিবাদী কার্য্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত লয় ১৩টা সংগঠনে ৷