অব্যাহত আছে বন্যপ্ৰাণীৰ অবৈধ সৰবৰাহঃ এইবাৰ উদ্ধাৰ ১৩ টাকৈ আফ্ৰিকান বান্দৰ...

author-image
Asomiya Pratidin
New Update
অব্যাহত আছে বন্যপ্ৰাণীৰ অবৈধ সৰবৰাহঃ এইবাৰ উদ্ধাৰ ১৩ টাকৈ আফ্ৰিকান বান্দৰ...

representative photo

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে বন্যপ্ৰাণীৰ অবৈধ সৰবৰাহ। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ধাৰাবাহিক ভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈ আছে বিহৰ প্ৰজাতিৰ বহু বন্যপ্ৰাণী। আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সৰবৰাহকাৰী চক্ৰ যে সক্ৰিয় হৈ আছে সেই কথা এই ঘটনা প্ৰবাহে প্ৰমাণ কৰে।

বন্যপ্ৰাণীৰ অবৈধ সৰবৰাহৰ এনে ভয়ংকৰ ঘটনা পুনৰবাৰ আজি প্ৰমাণ পোৱা গ'ল কাছাৰতয কাছাৰত আজি উদ্ধাৰ হ'ল বিৰল প্ৰজাতিৰ ১৩ টাকৈ বান্দৰ। উদ্ধাৰ হোৱা এই ১৩ টা বান্দৰ আফ্ৰিকান প্ৰজাতিৰ।

কাছাৰৰ দাৰ্বি চাহ বাগিচাত উদ্ধাৰ কৰা হৈছে এই আফ্ৰিকান প্ৰজাতিৰ বান্দৰ কেইটা। অৱশ্যে এই বান্দৰ কেইটা ক'ৰ পৰা অনা হৈছিল আৰু ক'লৈ নিবলৈ চেষ্টা কৰা হৈছিল সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

আমালৈ অহা প্ৰাথমিক খবৰ মতে উদ্ধাৰ হোৱা এই বান্দৰ কেইটা গুৱাহাটী চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য মাত্ৰ দুদিন পূৰ্বে কাছাৰত বন্যপ্ৰাণী সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছিল অজগৰকে সাপকে ধৰি বহু বন্যপ্ৰাণী।

assam cachar