শিৱসাগৰত ব’ৰ্টিং আৰু ৰয়িং সন্থাৰ দ্বাদশ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

দ্বাদশ বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰিলে অসমৰ প্ৰথম জল ক্ৰীড়া ক্ষেত্ৰৰ ব্যৱস্থা কৰা শিৱসাগৰ ব’টিং আৰু ৰয়িং সন্থাই ...

author-image
Asomiya Pratidin
New Update
sgs

ডিজিটেল সংবাদ, শিৱসাগৰ : দ্বাদশ বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰিলে অসমৰ প্ৰথম জল ক্ৰীড়া ক্ষেত্ৰৰ ব্যৱস্থা কৰা শিৱসাগৰ ব’টিং আৰু ৰয়িং সন্থাই । ধনঞ্জয় শইকীয়াৰ নেতৃত্বত শিৱসাগৰ চহৰৰ এ টি ৰোডৰ কাষত থকা জুলীভা ফিচাৰীক জলক্ৰীড়া ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰি নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ একাংশক ব’টিং আৰু ৰয়িঙৰ প্ৰশিক্ষণ প্ৰদান কৰাটোৱেই ইয়াৰ লক্ষ্য ৷ য'ত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰথমটো দলেই ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম জিলিকাই তুলে ৷

Advertisment

বৰ্ষপূৰ্তিৰ  উপলক্ষত  শিৱসাগৰ ব’টিং আৰু ৰয়িং সন্থাৰ কাৰ্যলয়ত অনুষ্ঠিত এক অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে শিৱসাগৰ ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি, বিশিষ্ট সমাজকৰ্মী কানু মজিন্দাৰ বৰুৱা,শিৱসাগৰ জিলা ক্ৰীড়া সাংবাদিক সন্থাৰ  সভাপতি ইনামূল হাজৰিকা, সমাজকৰ্মী সমীৰ গগৈ, গৌতম বৰবৰা । 

 

দেৱজিৎ বৰগোহাঁইয়ে আতঁ ধৰা অনুষ্ঠানটোত শিৱসাগৰ ব’ৰ্টিং আৰু ৰয়িং সন্থাৰ সভাপতি ধনঞ্জয় শইকীয়াই বিগত ১২ বছৰত সন্থাৰ খেলুৱৈসকলে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত লাভ কৰা সাফল্য সমূহৰ এক চমু খতিয়ান দাঙি ধৰে। তেওঁ এই ক্ৰীড়ানুষ্ঠানটো গঢ়াৰ ক্ষেত্ৰত একাংশ লোকে কৰা সংগ্ৰামক শ্ৰদ্ধা জনায় ৷

 

উল্লেখ্য যে শিৱসাগৰ ব’ৰ্টিং আৰু ৰয়িং সন্থাৰ খেলুৱৈসকলে ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বহু পদক লাভ কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানৰ আৰম্ভণিতে সন্থাৰ সম্পাদক পলাশ ৰাজখোৱাই আদৰণি ভাষণ দিয়ে।

 

এই অনুষ্ঠানতে অসম পুলিচৰ দুগৰাকী প্ৰশিক্ষকসহ ১৮ গৰাকী খেলুৱৈক শিৱসাগৰ ব’ৰ্টিং আৰু ৰয়িং সন্থাই আদৰণি জনায়। উল্লেখ্য যে অসম পুলিচে এটা নতুন ব’ৰ্টিং আৰু ৰয়িং দল গঠন কৰিছে ৷

সেই নতুন দলটোক প্ৰশিক্ষণৰ বাবে শিৱসাগৰলৈ প্ৰেৰণ কৰিছে। শিৱসাগৰ ব’টিং আৰু ৰয়িং সন্থাই  অসম পুলিচৰ দলটোক তেওলোকৰ জল ক্ৰীড়া ক্ষেত্ৰত প্ৰশিক্ষণৰ সুবিধা কৰি দিছে। এই অনুষ্ঠানতে ব’ৰ্টিং আৰু ৰয়িংৰ খেলুৱৈসকলক দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষত একোটিকৈ উপহাৰ প্ৰদান কৰা হয়।

sivsagar