/asomiyapratidin/media/media_files/2025/05/01/Qkz1qe2nqqFr7xE2oViO.jpg)
ডিজিটেল ডেস্ক : ‘হেমকোষ’ শব্দৰ দৌলেৰে অসমীয়া ভাষাৰ প্ৰাণ সঞ্চাৰ কৰি যাউতিযুগীয়া খ্যাতি অৰ্জন কৰা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আজি ১২৯ সংখ্যক মৃত্যু তিথি। এই উপলক্ষে আজি ৰাজ্যজুৰি বিভিন্ন দল- সংগঠনে ভাষাৰ ওজাৰ নিৰলস সাধনা, অমূল্য অৱদান আৰু অক্ষয় কীৰ্তিৰ সশ্ৰদ্ধ স্মৰণেৰে মৃত্য তিথি বিভিন্ন কাৰ্যসূচীৰে পালন কৰিব।
উল্লেখযোগ্য যে, প্ৰতিবাৰৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয়তো আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিস্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভাষাৰ ওজাগৰাকীৰ কৰ্মৰাজিক সশ্ৰদ্ধ সোঁৱৰণ কৰা হ’ব।
বিশ্ববিদ্যালয় পৰিয়ালৰ লগতে ভাষাৰ ওজাগৰাকীৰ পৰিয়ালৰ সদস্যৰ উপস্থিতিত আয়োজিত এই শ্ৰদ্ধঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এক সংক্ষিপ্ত স্মৃতিচাৰণ সভা, গছপুলি ৰোপণ কাৰ্যসূচীও অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত সাদিন- প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাৰ লগতে সাদিন- প্ৰতিদিন গোষ্ঠীৰ পৰিয়ালৰ সদস্যসকল, উপাচাৰ্য ড০ ননীগোপাল মহন্তকে ধৰি বিশ্ববিদ্যালয় পৰিয়ালৰ সদস্যসকল, ইলোৰা বিজ্ঞন মঞ্চকে ধৰি বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধি, বিশিষ্ট ব্যক্তি তথা ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব।