ধুবুৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জন্ম জয়ন্তী উদযাপন...

১২৮ সংখ্যক জন্ম জয়ন্তী উদযাপন সমিতি সন্তান দল(কৰ্মী পৰিষদ)ৰ উদ্যোগত বৃহস্পতিবাৰে ধুবুৰীৰ মেলা ময়দানত জন্ম জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰীত বিশ্ব বৰেণ্য নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জন্ম জয়ন্তী আজি উদযাপন কৰা হয় । ১২৮ সংখ্যক জন্ম জয়ন্তী উদযাপন সমিতি সন্তান দল(কৰ্মী পৰিষদ)ৰ উদ্যোগত বৃহস্পতিবাৰে ধুবুৰীৰ মেলা ময়দানত জন্ম জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বৈদিক পতাকা উত্তোলনৰ পূৰ্বে পুৱা আটকধুনীয়া সমদলো বাহিৰ কৰা হয়। সমান্তৰালভাৱে আজিৰ অনুষ্ঠানত বৈদিক সংগীতো পৰিৱেশন কৰা হয়।

নেতাজী সুভাষ চন্দ্ৰ বসু