Advertisment

মায়ঙৰ বৰদিয়াৰ পৰা বিহাৰলৈ ১২ টন তৰমুজ ৰপ্তানি...

নব বৰ্ষৰ প্ৰাকক্ষণত মৰিগাঁও জিলাৰ কৃষক ৰাইজৰ লগতে অসমৰ কৃষি খণ্ডৰ বাবে এক সুখবৰ। বানে গৰকা মৰিগাঁও জিলাত উৎপাদিত তৰমুজে ৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ লগতে কৃষক ৰাইজক অধিক উৎসাহিত কৰিছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, মায়ংঃ নব বৰ্ষৰ প্ৰাকক্ষণত মৰিগাঁও জিলাৰ কৃষক ৰাইজৰ লগতে অসমৰ কৃষি খণ্ডৰ বাবে এক সুখবৰ। বানে গৰকা মৰিগাঁও জিলাত উৎপাদিত তৰমুজে ৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ লগতে কৃষক ৰাইজক অধিক উৎসাহিত কৰিছে।

Advertisment

শুকুৰবাৰে মৰিগাঁও জিলা কৃষি কাৰ্যালয়ৰ অধীনৰ ৰজামায়ং কৃষি চক্ৰৰ অন্তৰ্গত মায়ঙৰ বৰদিয়াৰ পৰা বিহাৰলৈ প্ৰায় ১২ টন তৰমুজ আনুষ্ঠানিকভাবে ৰপ্তানি কৰা হয়। জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ উপস্থিতিত প্ৰগতিশীল কৃষক হেমন্ত ডেকাই উৎপাদন কৰা তৰমুজসমূহ প্ৰতিকেজি প্ৰায় ১০ টকা দৰত বিহাৰৰ বজাৰলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে।

মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আৰম্ভ কৰা তৰমূজ খেতিয়ে স্থানীয় তথা অসমৰ বজাৰত সমাদৰ লাভ কৰাৰ পিছতেই আজি কৃষকগৰাৰীয়ে উৎপাদিত তৰমুজ বিহাৰৰ বজাৰলৈ ৰপ্তানি কৰি আনন্দ প্ৰকাশ কৰাৰ লগতে তৰমূজ খেতিৰ দ্বাৰা অধিক স্বাৱলম্বী হ'ব পাৰিব বুলি মত প্ৰকাশ কৰে।

প্ৰগতিশীল কৃষকগৰাকীয়ে কৃষি বিভাগৰ সহযোগত প্ৰায় ৩ বিঘা মাটিত আগতীয়াকৈ বজাৰ দখল কৰাৰ উদ্দেশ্য উন্নত ইন্দুচ জাতৰ তৰমুজৰ খেতি কৰি আজি উৎপাদিত ফচলেৰে লাভৰ মূখ দেখিবলৈ সক্ষম হৈছে।

ৰপ্তানি মায়ং