চৰকাৰক শীঘ্ৰে সিদ্ধান্ত বাতিলৰ দাবী অনুসূচিত জাতিৰ ১২টাকৈ সংগঠনৰ

অসমৰ অ’বিচি তালিকাভুক্ত কেওঁট সম্প্রদায়ক অসম চৰকাৰে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে যো-জা চলোৱাৰ খবৰে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

author-image
Asomiya Pratidin
New Update
new ap web 3 (7)

ডিজিটেল ডেস্কঃ অসমৰ অ’বিচি তালিকাভুক্ত কেওঁট সম্প্রদায়ক অসম চৰকাৰে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে যো-জা চলোৱাৰ খবৰে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈ অনুসূচিত জাতিৰ ১২টাকৈ সংগঠনে গুৱাহাটীত যৌথ সভা অনুষ্ঠিত কৰি ইতিমধ্যে অসম চৰকাৰক সকীয়াই দিছে ৷ 

Advertisment

শনিবাৰে পুনৰ ১২টাকৈ সংগঠনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন স্মাৰক পত্ৰ প্ৰদান কৰি তেনে সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ সকীয়াই দিয়ে ৷ মুখ্যমন্ত্ৰীক সংগঠনকেইটাই কেওঁকসকলক অনুসূচিত জাতিৰ জাতিগত প্ৰমাণপত্ৰ দিব খোজা সিদ্ধান্ত কোনো কাৰণত মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে ৷ কেওঁটসকলে নিজকে সাধাৰণ শ্ৰেণীৰ লোক বুলি পৰিচয় দিয়াৰ প্ৰসংগ উল্লেখ কৰি কেতিয়াও অনুসূচিত জাতিৰ তালিকা ভুক্ত হ'ব নোৱাৰে বুলি হুংকাৰ দি কেওঁটসকলক অনুসূচিত জাতি হিচাপে স্বীকৃতি দিলে অসমৰ প্রকৃত অনুসূচিত জাতিৰ লোকসকল সাংবিধানিক প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব বুলি কয় সংগঠকেইটাই ৷ 

সংগঠনকেইটাই বিগত ১০ জুলাইত সদৌ অসম কেওট জাতীয় পৰিষদ আৰু সদৌ অসম কেওট সন্মিলনৰ অসম চৰকাৰলৈ প্ৰদান কৰা আবেদনৰ প্ৰসংগ উল্লেখ কৰিছে ৷ স্মাৰক পত্ৰ যোগে সংগঠনসমূহে মুখ্যমন্ত্ৰীৰ উদ্দেশ্যে কয় যে, "অনুসূচিত জাতিৰ ১২টা সংগঠনে আপোনাক জনাওঁ যে স্বাধীনতাৰ পিছৰে পৰা সকলো ক্ষেত্ৰতে পিছপৰি থকা অনুসূচিত জাতিৰ ১৬টা সম্প্ৰদায়ৰ ভিতৰত খিলঞ্জীয়া কৈবৰ্ত সম্প্রদায় ৩২ শতাংশ আৰু নমঃসুদ্র ৩১ শতাংশ আৰু বাকী ৩৭ শতাংশ অন্যান্য ১৪ উপ-জাতিৰ। সংবাদ মাধ্যমযোগে আৰু চৰকাৰীভাৱে জানিবলৈ পাওঁ যে সদৌ অসম কেওঁট জাতীয় পৰিষদ আৰু সদৌ অসম কেওঁট সন্মিলনীয়ে তেওঁলোকক অনুসূচিত জাতিৰ বুলি স্বীকৃতি প্রদান কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনাইছে। কিন্তু আমি আপোনাক জনাওঁ যে কেন্দ্রীয় চৰকাৰে ইতিমধ্যে অসমৰ কেওঁট সম্প্রদায়ক কেন্দ্ৰীয় চৰকাৰৰ ১০/০৯/১৯৯৩ৰ ১২০১১/৬৮/৯৩-বিচিচি (চি) নং প্রস্তাৱ মর্মে অ’বিচি তালিকাভুক্ত কৰি ৰাখিছে। তেনেস্থলত কেওঁটসকল কেতিয়াও অনুসূচিত জাতিৰ তালিকা ভুক্ত হ'ব নোৱাৰে। 

কেওঁটসকলক অনুসূচিত জাতি হিচাপে স্বীকৃতি দিলে অসমৰ প্রকৃত অনুসূচিত জাতিৰ লোকসকল সাংবিধানিক প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব। ভাৰতৰ প্ৰথম লোকপিয়লত অসমৰ কেওঁটসকলে নিজকে সাধাৰণ শ্ৰেণীৰ লোক বুলি পৰিচয় দিছিল। ১৯৫১ চন, ১৯৬১ চন আৰু ১৯৭১ চনৰ জাতি গণনাৰ সময়ত তেওঁলোকে নিজকে অনুসূচিত জাতিৰ বুলি লিপিবদ্ধ কৰা নাছিল। ভাৰত চৰকাৰৰ গৃহ বিভাগ আৰু সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্রালয়, ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগৰ নীতি-নির্দেশনা মতে কোনো এটা জাতিৰ পৰিচয় নিৰ্ভৰ কৰে জাতি গণনাৰ ভিত্তিত। জানিবলৈ পোৱা মতে, হালৈ কেওঁট, জাল কেওঁট লোকসকলৰ এটায়ে যুক্তি যে তেওঁলোকৰ পূর্বপুৰুষসকলে ১৯৩১ চন আৰু ১৯৩৮ চনত তেওঁলোকৰ ভূমিৰ জমাবন্দী কপিত কৈবৰ্ত বা জাল কেওঁট লিখিছিল। 

তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে তেওঁলোকৰ উপাধিসমূহ উচ্চশ্ৰেণীৰ লোকে ব্যৱহাৰ কৰা উপাধি গ্রহণ কৰি নিজকে সাধাৰণ শ্ৰেণীৰ লোক বুলি জাতি লোকপিয়লৰ সময়ত পৰিচয় দিছিল। তেনেস্থলত তেওঁলোক সমাজত অস্পৃশ্য নহয়। সমাজত অস্পৃশ্যতাই হ'ল অনুসূচিত জাতিৰ আন এটা পৰিচয়।

বৰপেটা জিলাৰ এজন কেওঁট লোকে অনুসূচিত জাতিৰ নামত প্ৰমাণপত্ৰ উলিওৱা বিষয়টোক লৈ সংগঠনসমূহে স্মাৰক পত্ৰত উল্লেখ কৰি কয় যে, বৰপেটা জিলাত প্রসেনজিৎ তালুকদাৰ নামৰ এজন কেওঁট সম্প্ৰদায়ৰ লোকক অনুসূচিত জাতিৰ কৈবৰ্ত হিচাপে প্রমাণ-পত্ৰ প্ৰদান কৰাৰ বিৰুদ্ধে আৰু তেখেতৰ জাতিগত প্রমাণ পত্ৰ নাকচ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ২০১৩ চনতে ৰুজু কৰা গোচৰ নং-ডব্লিপি (চি)/৫৩৪৪/২০১৩ আদালতৰ বিচাৰাধীন। 

যিহেতু বিষয়টোক লৈ গোচৰ চলি আছে সেয়েহে অনুসূচিত জাতি ঐক্য মঞ্চৰ ১২টা সংগঠনে কেওঁট সম্প্ৰদায়ৰ লোকক কোনোপধ্যেই অনুসূচিত জাতিৰ স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্রহণ নকৰিবলৈ সকীয়াই দিয়ে ৷ অসম অনুসূচিত জাতি পৰিষদৰ নাৰায়ণ নমসুদ্র, সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ পৰশজ্যোতি দাস, অনুসূচিত জাতি সংগ্রামী যুৱ পৰিষদৰ সঞ্জীৱ দাস, জয় ভীম মিছনৰ তাৰিণী চৰণ দাস, সদৌ অসম কৈবৰ্ত যুৱ-ছাত্র সন্মিলনৰ জয়ন্ত দাস, অনুসূচিত জাতি সংগ্রামী যুৱ-ছাত্র সন্থাৰ নিত্যানন্দ দাস, ইউনাইটেড বহুজন ৰিপাব্লিকান এক্সন কমিটি অৱ ইণ্ডিয়াৰ অমৰেন্দ্ৰ দাস, অনুসূচিত জাতি সংগ্রামী যুৱ পৰিষদৰ পৱিত্ৰ হাজৰিকা, সদৌ অসম কৈবৰ্ত যুৱ-ছাত্র সন্মিলনৰ বলেন্দ্র দাস আৰু গৌৰীশংকৰ দাস, কৈবর্ত মহিলা সভাৰ চুমি দাস, সমতা সৈনিক দলৰ দিগন্ত কুমাৰ দাস, জি কে এডুকেশ্যন ফাউণ্ডেশ্যন ডম্বৰুধৰ দাস, অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ কল্পনা হাজৰিকাই স্বাক্ষৰ কৰে এই স্মাৰকপত্ৰত৷

cm memorandum