/asomiyapratidin/media/media_files/2025/04/24/ZbjcLHS170dFwjEr6F6Z.jpg)
মৰ্মান্তিক ঘটনা
ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰ চহৰৰ পৰা ২০ কিলোমিটাৰ নিলগৰ দিচাং নদীৰ পাৰৰ ডিমৌমুখত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। নিশা অহা ধাৰাষাৰ বৰষুণ আৰু প্ৰবল ধুমুহাত ১২ টাৰো অধিক গৰু মৃত্যু হোৱাৰ লগতে ১০ টাৰো অধিক গৰু গুৰুতৰভাৱে আহত হয়। এজোপা ডাঙৰ বাঁহ গছ উভালি গৰুজাকৰ ওপৰত পৰাৰ ফলতে মৃত্যু মুখত পৰে পশুধন সমূহৰ।
পোহনীয়া গৰুকেইটা মৃত্যু মুখত পৰাত শোকত ভাগি পৰিছে গো পালক মহম্মদ নজিৰত আলী, মুজিবতদ্দিন আহমেদ, দেৱ মিলি, জীৱন কপ্তাক, মনোৰঞ্জন কপ্তাককে ধৰি কেইবাগৰাকী গো-পালক । গো পালনেৰে জীৱিকা নিৰ্বাহ কৰি অহা খেতিয়ক পৰিয়ালসমূহৰ মাজত বৰ্তমান হাহাকাৰ অৱস্থাই দেখা দিছে।
ইফালে বাঁহ গছজোপা উভালি পৰা স্থানত বৃহৎ এটা গাঁতৰ সৃষ্টি হয় ৷ উক্ত গাঁততে কেইটাবাটাও গৰু সমাধিস্থ কৰা হয় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us