চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
মুখ্য-পৃষ্ঠা শিক্ষা-প্ৰযুক্তি

ফেচবুকত ফটো দিওতে সাৱধান! হেকাৰৰ কবলত ১২ কোটি একাউন্ট

ফেচবুকত ফটো দিওতে সাৱধান! হেকাৰৰ কবলত ১২ কোটি একাউন্ট

author-image
asomiyapratidin
03 Nov 2018 20:29 IST

Follow Us

New Update
ফে’চবুকে দিব ৫০ লাখ ভাৰতীয়ক ডিজিটেল কৌশলৰ প্ৰশিক্ষণ

ডিজিটেল ডেস্কঃ ন ন বিজ্ঞান-প্ৰযুক্তিৰ উদ্ভাৱনৰ লগে লগে সমগ্ৰ বিশ্ব যেন ক্ৰমাৎ সৰু হৈ গৈ আছে। প্ৰযুক্তিয়ে মানুহক সংযুক্ত কৰে। দূৰত্ব আঁতৰাই মানুহৰ সৈতে মানুহৰ সংযোগ গঢ়ি তোলে। কিন্তু এই প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত আপুনি কিমান সুৰক্ষিত সেয়াও এক প্ৰশ্নৰ বিষয়।

Advertisment

বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ছ'চিয়েল নেটৱৰ্কিং চাইট ফেচবুকত সম্প্ৰতি বিশ্বজুৰি প্ৰায় ১২ কোটি একাউন্ট হেক কৰা হৈছে। ইয়াৰ উপৰিও অনলাইন নিলাম হৈছে ৮১ হাজাৰ হাই প্ৰফাইল ব্যক্তিৰ ব্যক্তিগত কথোপকথন। শুনিবলৈ আচৰিত লাগিলেও এয়া আপোনাকো ভবাই তুলিবলৈ যথেষ্ট যে আপুনি ফেচবুকত কিমান সুৰক্ষিত?

যোৱা ছেপ্টেম্বৰ মাহত এই বিষয়টো পোহৰলৈ আহে। এটা বিদেশী অনলাইন ফ'ৰামে এক বিজ্ঞাপন দিছিল। য'ত উক্ত ফ'ৰামে ধনৰ বিনিময়ত হাই প্ৰফাইল ব্যক্তিসমূহৰ গোপন বাৰ্তালাপ কিম্বা ইনবক্স মেছেজ বিক্ৰী কৰিছিল। ভাবি আচৰিত লাগে যে বিশিষ্ট ব্যক্তিৰ ব্যৱহৃত পোছাক, সামগ্ৰী আদি বিক্ৰী হ'ব পাৰে। কিন্তু গোপন বাৰ্তালাপ?

একাংশ লোকে এই গোপন বাৰ্তালাপ বা ইনবক্স মেছেজসমূহ এক বৃহৎ অংকৰ বিনিময়ত ক্ৰয় কৰে। সেইসকল ব্যক্তিৰ বাবে এনে গোপন বাৰ্তালাপ বা মেছেজ কোনো পৰ্ণ ছবিতকৈ কোনোগুনে কম নহয়। যাৰ ফলত তেনে এখন অনলাইন বজাৰ লাহে লাহে এতিয়া গঢ় লৈ উঠা পৰিলক্ষিত হৈছে। য'ত ব্যক্তিগত বাৰ্তালাপৰ বাবদ দাবী কৰা হয় মোটা অংকৰ ধন।

আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ইতিমধ্যে সমগ্ৰ বিশ্বৰ ১২ কোটি ফেচবুক ব্যৱহাৰকাৰীৰ ব্যক্তিগত মেছেজ আৰু বিভিন্ন তথ্য অনলাইন বিক্ৰী হৈছে। এই বজাৰখন ইমানেই বিস্তাৰিত হৈ পৰিছে যে আগন্তক কিছু দিনৰ ভিতৰতে এই সংখ্যা দুগুণলৈ বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে।

ইফালে, ফেচবুক কৰ্তৃপক্ষৰ পৰা তেওঁলোকৰ নিৰাপত্তা ব্যৱস্থাত কোনো ক্ৰুটি নাই বুলি বাৰে বাৰে দোহাৰিলেও কিন্তু ফেচবুকৰ একাউন্ট হেকলৈ লক্ষ্য কৰিলে সেয়া সঁচা নহয় যেনেই বোধ হয়। ফেচবুকে সদৰী কৰা মতে কোনো দ্বিতীয় ব্ৰাউজাৰে এনে হেকিঙৰ কাম কৰি আছে। ফেচবুকে পৰৱৰ্তী সময়ত যাতে কোনো একাউন্ট হেক কৰা নহয় তাৰ বাবেও নজৰ ৰাখিব বুলি আশ্বাস দিছে।

এক সূত্ৰৰ মতে, বিশ্বৰ অধিকাংশ একাউন্ট হেক হৈছে ইউক্ৰেইন আৰু ৰাছিয়াত। তাৰ লগতে ব্ৰিটেইন, ব্ৰাজিল, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নামো সাঙোৰ খাই পৰিছে একাউন্ট হেকিঙৰ তালিকাত। আনহাতে, চুৰি হোৱা তথ্যৰ ভিতৰত প্ৰেমিক প্ৰেমিকাৰ গোপন বাৰ্তালাপ, মেছেঞ্জাৰৰ জৰিয়তে প্ৰেৰণ কৰা নগ্ন ছবিয়ে অন্যতম। বাদ পৰা নাই স্বামী-স্ত্ৰী কিম্বা শাহু-বোৱাৰীৰ ফেচবুক কাজিয়াও। সকলোৰে অলক্ষিতে প্ৰফাইল হেকিঙেৰে হেকাৰে সকলো তথ্য চুৰি কৰি মিলিয়ন ডলাৰত বিক্ৰী কৰে তৃতীয় পক্ষৰ হাতত।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ফেচবুকৰ বিৰুদ্ধে তথ্য চুৰিৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পিছতে ফেচবুকে বিগত মাহত ব্যৱহাৰকাৰীসকলক এক বিকল্প প্ৰদান কৰে। যাৰ দ্বাৰা ফেচবুক ব্যৱহাৰকাৰীয়ে পূৰ্বেই জানিব পাৰিব যে তেওঁলোকৰ কি কি পোষ্ট বা তথ্য অন্য ফেচবুক একাউন্টতত দৃশ্যমান হ'ব। ফেচবুক কৰ্তৃপক্ষই এই বিকল্পৰ জৰিয়তে একাউন্ট হেকৰ পৰিমাণ হ্ৰাস পাব বুলি মন্তব্য কৰিছিল যদিও সেয়া হোৱা পৰিলক্ষিত নহ'ল।

আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!