বিটিচিত কাৰ্যবাহী সদস্যৰূপে ল'লে শপত বিপিএফৰ ১২ পাৰিষদে

১২ গৰাকী পাৰিষদক কাৰ্যবাহী সদস্য হিচাপে শপত বাক্য পাঠ কৰোৱা অনুষ্ঠানত বিটিচিৰ নৱনিৰ্বাচিত পাৰিষদসকল, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আদিকে ধৰি আন কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

New Update
1

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ   বহু জল্পনা-কল্পনাৰ ওৰ পেলাই অৱশেষত বিজেপিৰ ৫ গৰাকী নিৰ্বাচিত পাৰিষদক বাদ দি বিপিএফে অকলশৰে বিটিচি বিধান পৰিষদীয় ভৱনৰ প্ৰেক্ষাগৃহত আজি বিটিচিৰ পঞ্চম কাৰ্যবাহী পৰিষদৰ ১২ গৰাকী কাৰ্যবাহী সদস্যই আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে ।

বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ প্ৰস্তাৱ ৰাজভৱনে অনুমোদন দিয়াৰ পিছতে আজি বিপিএফৰ  ১২ গৰাকী পাৰিষদক কাৰ্যবাহী সদস্য হিচাপে শপত বাক্য পাঠ কৰায় ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মুকেশ কুমাৰ চাহুৱে।

১২ গৰাকী পাৰিষদক কাৰ্যবাহী সদস্য হিচাপে শপত বাক্য পাঠ কৰোৱা অনুষ্ঠানত বিটিচিৰ নৱনিৰ্বাচিত পাৰিষদসকল, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আদিকে ধৰি আন কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

 বিজেপি পাৰিষদক শেষমুহুৰ্তত কাৰ্যবাহী সদস্যৰ পদ দিব নেকি তাকে লৈ উৎকণ্ঠাই বিৰাজ কৰিছিল যদিও বিজেপি পাৰিষদক বাদ দি হাগ্ৰামা মহিলাৰীয়ে অকল নিজ দলৰ পাৰিষদসকলক লৈ বিটিচিৰ কাৰ্যবাহী পাৰিষদ গঠন কৰি বিজেপিলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে । ইপিনে  শপতগ্ৰহণ অনুষ্ঠানৰ পিছতে কাৰ্যবাহী সদস্যসকলক দপ্তৰ বিতৰণ কৰা হয়।

বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে নিজৰ লগত পি ডব্লিউ ডি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন , বিত্ত, যুৱ কল্যাণ, জনজাতি উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা আদিকে ধৰি আন কেবাটাও গুৰুত্বপূৰ্ণ বিভাগ নিজৰ লগত ৰখাৰ লগতে যি সমুহ বিভাগ আন সদস্যক বিতৰণ কৰা নাই সেইসমুহ দপ্তৰো নিজৰ হাতত ৰাখিছে । বিটিচিৰ উপমুখ্য কাৰ্যবাহী ৰিহন দৈমাৰীক অকল কৃষি বিভাগ হে দিয়া হৈছে।

সেই মৰ্মে আজি আনুষ্ঠানিকভাৱে শপত লোৱা আৰু দপ্তৰ লাভ কৰা সৌভাগ্যবান বিটিচিৰ ১২ গৰাকী কাৰ্যবাহী সদস্যসকল হ'ল ক্ৰমে ৫ নং চৰাইবিল সমষ্টিৰ মৃত্যুঞ্জয় নাৰ্জাৰীক পৰিবহন,  ১ নং পৰ্বতঝোৰাৰ সমষ্টিৰ মুনমুন ব্ৰহ্মক নগৰ উন্নয়ন, ৬ নং কচুগাঁও সমষ্টিৰ ৰবিৰাম নাৰ্জাৰীক শিক্ষা,  ১২ নং ছালাকাটি সমষ্টিৰ দেৰহাছাৎ বসুমতাৰীক স্বাস্থ্য আৰু পৰিয়াল কল্যান, ৮ নং দোতমা সমষ্টিৰ প্ৰকাশ বসুমতাৰীক সমাজ কল্যাণ, ১৫ নং কাজলগাঁও সমষ্টিৰ পানীৰাম ব্ৰহ্মক বন আৰু বন্যপ্ৰাণী,  ১৭ নং সুভাইঝাৰ সমষ্টিৰ ধীৰাজ বৰগয়াৰীক ভূমি সংৰক্ষণ আৰু আইনী পৰিমাপ,২০ নং মথনগুৰী সমষ্টিৰ বেগম আখতাৰা আহমেদক জনস্বাস্থ্য কাৰিকৰী বিভাগ, ২৩ নং দিহিৰা সমষ্টিৰ  আগুছটিয়াছ টিগ্গাক পশুপালন আৰু পশু চিকিৎসা, ২৯ নং সুকলাই -চেৰফাং সমষ্টিৰ গণেশ কছাৰীক জলসিঞ্চন, ৩১ নং খৈৰাবাৰী সমষ্টিৰ লৌমশ্ৰাও দৈমাৰীক ভূমি ৰাজহ আৰু দূৰ্যোগ প্ৰশমন আৰু ৩৭ নং ধনশ্ৰী সমষ্টিৰ ফ্ৰেছ মুছাহাৰীক জলসম্পদ বিভাগ দিয়া হৈছে।

অধিক সংখ্যক কাৰ্যবাহী পৰিষদক মাত্ৰ এটাকৈ হে বিভাগ দিয়াৰ অন্তৰালত অসম বিধানসভা নিৰ্বাচনৰ পিছতে পুণৰাই বিটিচিৰ কাৰ্যবাহী পাৰিষদখন পুণৰ সম্প্ৰসাৰণ হোৱাটো স্পষ্ট হৈ পৰিছে। লক্ষণীয়ভাৱে বিপিএফৰ জ্যেষ্ঠ নেতা তথা বিপিএফৰ পাৰিষদ ধনেশ্বৰ গয়াৰীক কাৰ্যবাহী সদস্যৰ পদ দিয়া নহ'ল আৰু তেওঁ আজি শপত গ্ৰহণ অনুষ্ঠানতো অনুপস্থিত থাকে। 

উল্লেখ্য যে বিটিচি নিৰ্বাচনত বিপিএফ দলে সৰ্বাধিক ২৮ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাৰ পিছতে আজি দপ্তৰ বিতৰণ আৰু কাৰ্যবাহী সদস্যৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে বিজেপিৰ পৰা কোনো পাৰিষদক কাৰ্যবাহী সদস্যৰ পদ নিদিয়া সন্দৰ্ভত বিপিএফৰ জ্যেষ্ঠ নেতা তথা বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে কয় যে, বিজেপি তথা এনডিএৰ নেতা সকলৰ লগত বিপিএফক এনডিএত অন্তৰ্ভূক্তিকৰণৰ বিষয়টোক লৈ আলাপ -আলোচনা অব্যাহত আছে আৰু কিছুমান চৰ্ত আছে , যিবোৰ আলোচনাৰ পৰ্যায়তে আছে।

বিপিএফক এনডিএত অন্তৰ্ভুক্তিকৰণ বিষয়টো যিহেতু এতিয়ালৈকে চুড়ান্ত হোৱা নাই গতিকে বিটিচিত বিজেপিৰ পাৰিষদক কাৰ্যবাহী পদ দিয়া-নিদিয়া সন্দৰ্ভত প্ৰশ্ন উঠা নাই আৰু এইবিষয়ে সকলো সিদ্ধান্ত দলৰ হাইকামাণ্ডে লব বুলি মন্তব্য কৰিছে বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে ।

আনহাতে তেওঁক কাৰ্যবাহী সদস্য পদ দিয়াৰ বাবে হাগ্ৰামা মহিলাৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে । তদুপৰি সকলো জাতি-জনগোষ্ঠীৰ উন্নয়ন , শান্তি -সম্প্ৰতি -সমন্বয়ৰ বাবে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে ৰবিৰাম নাৰ্জাৰীয়ে।

উল্লেখ্য যে এইবেলি দুগৰাকীকৈ মহিলা সদস্যই বিটিচিৰ কাৰ্যবাহী পৰিষদত স্থান পাইছে। ইয়াৰে এগৰাকী হ'ল ২০ নং মথনগুৰী সমষ্টিৰ বেগম আখতাৰা আহমেদ আৰু তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্ব লাভ কৰিছে । আনগৰাকী হ'ল ১ নং পৰ্বতঝোৰাৰ সমষ্টিৰ মুনমুন ব্ৰহ্ম আৰু তেওঁ নগৰ উন্নয়নৰ দায়িত্ব লাভ কৰিছে। 

মুনমুন ব্ৰহ্ম সম্পৰ্কত হাগ্ৰামা মহিলাৰীৰ খুলশালি। সংবাদমাধ্যমৰ আগত কাৰ্যবাহী সদস্যা মুনমুন ব্ৰহ্মই কাৰ্যবাহী সদস্য পদ পোৱাৰ বাবে সুখী বুলি প্ৰকাশ কৰি বিভাগীয় কাম ভালদৰে কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে।  ইপিনে আজিয়েই কাৰ্যবাহী সদস্যসকলক লৈ কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছে । 

বিপিএফ বিটিচি