মোদী চৰকাৰৰ ১১ বছৰীয়া বৰ্ষপূৰ্তি : হাটশিঙিমাৰী প্ৰেছ ক্লাৱত জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ১১ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে হাটশিঙিমাৰীত মঙলবাৰে জিলা বিজেপিয়ে দিনজোৰা কাৰ্য্যসূচী ৰূপায়ন কৰে। ৰাজ্যিক বিজেপিৰ উপ সভাপতি জয়ন্ত কুমাৰ দাসৰ উপস্থিতিত হাটশিঙিমাৰী প্ৰেছ ক্লাৱত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। 

author-image
Asomiya Pratidin
New Update
11th anniversary of the Modi government

ডিজিটেল সংবাদ, হাটশিঙিমাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ১১ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে হাটশিঙিমাৰীত মঙলবাৰে জিলা বিজেপিয়ে দিনজোৰা কাৰ্য্যসূচী ৰূপায়ন কৰে। ৰাজ্যিক বিজেপিৰ উপ সভাপতি জয়ন্ত কুমাৰ দাসৰ উপস্থিতিত হাটশিঙিমাৰী প্ৰেছ ক্লাৱত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। 

Advertisment

বিয়লি প্ৰায় ৪ বজাত জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰৰ ১১ বছৰীয়া কাৰ্যকাল আৰু উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে। ৰাজ্যিক উপসভাপতি জয়ন্ত কুমাৰ দাসে সাংবাদিকক নৰেন্দ্ৰ মোদী চৰকাৰৰ উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰাৰ সমান্তৰালভাৱে কংগ্ৰেছক সমালোচনা কৰা পৰিলক্ষিত হয়।

ইফালে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৪ বছৰীয়া চৰকাৰৰৰ উন্নয়নমূলক কামৰ খতিয়ানো ৰাজ্যিক উপ সভাপতিগৰাকীয়ে দাঙি ধৰে।

narendra modi