/asomiyapratidin/media/media_files/2025/05/30/oM05blIwcE73aFSLd4vP.jpg)
ডিজিটেল ডেস্কঃ অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ সাহসক পুনৰ এবাৰ চেল্যুট দিলে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। শেহতীয়াকৈ এক অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, জম্মু সীমান্তৰ পাক সন্ত্ৰাসবাদীৰ প্ৰায় ১১৮টা ঘাটি ধ্বংস কৰি দিছে ভাৰতীয় সেনাই। পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ৰাজহাড় ভাঙি দিছে ভাৰতে। তেওঁলোক পুনৰ থন ধৰি উঠিবলৈ আৰু বহু বছৰৰ প্ৰয়োজন হব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ভাৰতীয় সেনাই কেৱল আক্ৰমণতে বীৰত্ব প্ৰদৰ্শন কৰা নাছিল। তেওঁলোকৰ সঠিক বুদ্ধিমত্তাই এই জটিল সময়ত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জয় নিশ্চিত কৰিছিল। তেওঁলোকৰ সাহসক মই সদায়েই চেল্যুট জনাও। হৃদয়ত দেশপ্ৰেমৰ ভাৱ আৰু পৰম ত্যাগৰ মানসিকতা থাকিলেহে এনে কাম কৰিব পাৰে।
দেশৰ প্ৰথম শ্ৰেণীৰ সুৰক্ষাকৰ্মী হিচাপে সীমান্ত সুৰক্ষা বাহিনীয়ে মৰুভূমি, পাহাৰ, বনাঞ্চল সকলো অঞ্চলতে প্ৰতিকূল পৰিৱেশতো সাহসেৰে কাম কৰি আছে বুলি সদৰি কৰে শ্বাহে।