অধিবক্তাই নিবিচাৰে উত্তৰ গুৱাহাটীলৈ ন্যায়ালয়ৰ স্থানান্তৰ...

উত্তৰ গুৱাহাটীলৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাই বাৰ এছ'ছিয়েচনে দীর্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছিল যদিও চৰকাৰে এই প্ৰতিবাদক বিশেষ গুৰুত্ব দিয়া নাছিল।

New Update
WhatsApp Image 2025-12-14 at 7.50.57 PM

ডিজিটেল সংবাদ,গুৱাহাটীঃ  গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে গুৱাহাটীৰ অধিবক্তা সমাজৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে। এই স্থানান্তৰৰ প্ৰস্তাৱৰ বাবে অনুষ্ঠিত হোৱা এক ভোটগ্ৰহণ প্ৰক্ৰিয়াত স্থানান্তৰৰ বিৰোধিতা কৰি মুঠ ১১৬৪ গৰাকী অধিবক্তাই ভোটদান কৰে।

ইয়াৰ বিপৰীতে উচ্চ ন্যায়ালয় স্থানান্তৰৰ চৰকাৰৰ সিদ্ধান্তৰ সপক্ষে মাত্র ১৪৫ গৰাকী অধিবক্তাইহে ভোটদান কৰে। উত্তৰ গুৱাহাটীলৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাই বাৰ এছ'ছিয়েচনে দীর্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছিল যদিও চৰকাৰে এই প্ৰতিবাদক বিশেষ গুৰুত্ব দিয়া নাছিল।

আনকি উচ্চ ন্যায়ালয়ৰ নতুন চৌহদৰ আধাৰশিলা স্থাপনৰ বাবেও চৰকাৰ সাজু হৈ থকাৰ আগমুহূৰ্তত যোৱা ৮ৰ পৰা ১১ ডিচেম্বৰলৈ গোপন বেলটৰ জৰিয়তে অধিবক্তা সমাজৰ মাজত ভোটগ্রহণ অনুষ্ঠিত হয়। শনিবাৰে বেলটসমূহ গণনা কৰাৰ হয়।

 ন'টাত ২৭গৰাকীয়ে ভোটদান কৰে আৰু ১৩টা ভোট বাতিল হয়। ভোটগণনাৰ এই ফলাফলৰ উদ্ধৃতিৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'ছিয়েচনে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ জৰুৰী পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সংগঠনটোৱে প্ৰকাশ কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়