/asomiyapratidin/media/media_files/2025/07/15/new-ap-web-5-9-2025-07-15-13-46-12.jpg)
ডিজিটেল ডেস্কঃ বয়সৰ ওচৰত হাৰ মনা নাছিল তেওঁ। বয়সক পৰাস্ত কৰি বিশ্বৰে আটাইতকৈ বয়সীয়াল এথলিট হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছিল তেওঁ নিজকে। যিসময়ত আন নাগৰিকে ঈশ্বৰৰ সৰনাপন্ন হৈ জীৱনৰ মোহ, মায়া ত্যাগ কৰি মুক্তিৰ ক্ষণ গণে সেই সময়তে তেওঁ আৰম্ভ কৰিছিল মাৰাথন দৌৰিবলৈ।
৮০ বছৰত মাৰাথন খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰা এইগৰাকী এথলিটে অৱশেষত ১১৪ বছৰ বয়সত ত্যাগ কৰিলে জীৱন। অৱশ্যে কোনো শাৰীৰিক ৰোগ অথবা বাৰ্ধক্যৰ ওচৰত তেওঁ হাৰ মানি জীৱন ত্যাগ কৰা নাই। এক দুৰ্ঘটনাইহে কাঢ়িলে তেওঁৰ প্ৰাণ।
‘টাৰ্বান টৰ্নেডো’ হিচাপে পৰিচিত ফৌজা সিঙৰ সোমবাৰে পথ দুৰ্ঘটনাত মৃত্যু হয়। জানিব পৰা মতে খোজকাঢ়ি গৈ থকাৰ সময়তে পিছফালৰ পৰা অহা এখন বাহনে তেওঁক খুন্দা মাৰে। পিছত তেওঁক হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও হাস্পতালত তেওঁ নিশা ১০ বজাত মৃত্যু হয়।
বিশ্বজুৰি চৰ্চিত ফৌজা সিঙৰ জন্ম হৈছিল ১৯১১ চনৰ ১ এপ্ৰিলত জলন্ধৰৰ বিয়াছ গাঁৱত। ৮০ বছৰ বয়সত মাৰাথন দৌৰ আৰম্ভ কৰা ফৌজা সিঙে ২০১২ চনৰ লণ্ডন অলিম্পিকৰ অলিম্পিক শিখা দৌৰতো অংশগ্ৰহণ কৰিছিল।
ফৌজা সিঙৰ আছিল ব্ৰিটেইনৰ নাগৰিকত্ব। কিন্তু কোৰোনাৰ পিছৰ সময়ছোৱাত তেওঁ খুব কমেইহে ইংলেণ্ড অথবা বিদেশ ৰাষ্ট্ৰত আছিল। কোৰোনাৰ পিছৰ সময়ত তেওঁ জলন্ধৰৰ বেয়াছ গাঁৱত পুত্ৰ আৰু বোৱাৰী সৈতে থাকিবলৈ লৈছিল।
তেওঁৰ পুত্ৰ হৰবিন্দৰে কয় যে এই সময়ছোৱাত তেওঁ মাত্ৰ এবাৰহে কানাডালৈ গৈছিল। কিন্তু স্বাস্থ্যজনিত কাৰণৰ বাবে তেওঁ পুনৰ দেশলৈ ঘূৰি আহিছিল। আনহাতে, ঘটনা সন্দৰ্ভত জলন্ধৰৰ আদমপুৰ অঞ্চলৰ এছ এইছ অ’ হৰদেৱ সিঙে কয়, "দুৰ্ঘটনাৰ তদন্তৰ বাবে আৰক্ষীৰ দল মোতায়েন কৰা হৈছে। ফৌজা সিঙক খুন্দা মৰা বাহনখনৰ সন্ধানত তদন্ত চলি আছে। শীঘ্ৰে অভিযুক্ত ধৰা পৰিব আৰু তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।"