উত্তপ্ত বাংলাদেশঃ নিৰাপদে স্বদেশলৈ উভতি আহিছে প্ৰায় এহেজাৰ ছাত্ৰ-ছাত্ৰী...

উত্তপ্ত বাংলাদেশঃ নিৰাপদে স্বদেশলৈ উভতি আহিছে প্ৰায় এহেজাৰ ছাত্ৰ-ছাত্ৰী...

author-image
Asomiya Pratidin
New Update
উত্তপ্ত বাংলাদেশঃ নিৰাপদে স্বদেশলৈ উভতি আহিছে প্ৰায় এহেজাৰ ছাত্ৰ-ছাত্ৰী...

ডিজিটেল ডেস্কঃ বাংলাদেশৰ ঢাকাত সৃষ্টি হোৱা চৰকাৰী চাকৰিত সংৰক্ষণৰ সংস্কাৰৰ দাবীত সৃষ্টি হোৱা প্ৰতিবাদ দমনৰ বাবে বাংলাদেশ আৰক্ষীয়ে সমগ্ৰ দেশতে 'শ্বুট অন চাইট'ৰ আদেশ জৰিয়তে কঠোৰ সান্ধ্য আইন জাৰি কৰিছে। এই হিংসাত্মক পৰিস্থিতি দেশখনত মৃত্যুৰ সংখ্যা ১১৪জনলৈ বৃদ্ধি পালে।

Advertisment

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশখনত দেওবাৰে বিয়লি ৩বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে। বাংলাদেশ চৰকাৰে দেশখনত দেওবাৰ আৰু সোমবাৰে স্থানীয় বন্ধ ঘোষণা কৰিছে। কেৱল জৰুৰীকালীন সেৱাসমূহৰ বাবেহে অনুমতি প্ৰদান কৰা হৈছে।

উল্লেখযোগ্য যে এই হিংসাত্মক পৰিস্থিতিৰ পাছতেই প্ৰায় এহেজাৰ ভাৰতীয় শিক্ষাৰ্থী স্বদেশলৈ উভতি আহিছে। বিদেশ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ৭৭৮গৰাকী শিক্ষাৰ্থী স্থলপথেৰে, প্ৰায় ২০০গৰাকী শিক্ষাৰ্থী ঢাকা আৰু চট্টগ্ৰাম বন্দৰৰ পৰা বিমানযোগে উভতি আহিছে।

উভতি অহা শিক্ষাৰ্থীসকলৰ ভিতৰত অসমৰ শিক্ষাৰ্থী আছে বুলি জানিব পৰা গৈছে। এইসকলৰ ভিতৰত একাংশ শিক্ষার্থী মেঘালয়ৰ ডাউকি-বাংলাদেশ সীমান্তৰে আৰু ৪১ জনীয়া এটা দল কৰিমগঞ্জ সুতাৰকান্দী আন্তঃৰাষ্ট্ৰীয় স্থল বন্দৰেৰে অসমলৈ উভতি আহিছে।

উল্লেখযোগ্য যে ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ উভতি অহাত ঢাকাত থকা ভাৰতীয় উচ্চ আয়োগ, চট্টগ্ৰাম, ৰাজশ্বাহী, চিলেট আৰু খুলনাত থকা সহকাৰী উচ্চ আয়োগসমূহে সহায় কৰিছে।

স্থানীয় কর্তৃপক্ষৰ সহযোগত উচ্চ আয়োগ আৰু সহকাৰী উচ্চ আয়োগসমূহে ভাৰত- বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বিভিন্ন প্রৱেশ পথেৰে নিৰাপদ যাত্রা সুগম কৰি তোলাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে বুলি বিদেশ মন্ত্র্যালয়ে জানিবলৈ দিছে। ইপিনে, ঢাকাৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত এতিয়াও প্ৰায় ৩০০গৰাকী অসমৰ ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই আৰক্ষীৰ গুলীচালনাৰ বাবে ন্যায়িক তদন্তৰ ঘোষণা কৰিছে। তেওঁ সামাজিক মাধ্যমযোগে ছাত্ৰ-ছাত্ৰীৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে আৰু পৰিয়ালসমূহৰ ক্ষতিৰ বাবে সহানুভূতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলক আলোচনাৰ বাবে আহ্বান জনাইছে।

Also Read: ২০০বাৰতকৈ অধিক বাৰ আক্ৰমণ কৰা হুথি বিদ্ৰোহীৰ ওপৰত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক...

bangladesh