/asomiyapratidin/media/media_files/2025/07/21/bbbbbbb-2025-07-21-23-13-22.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত কেইবাটাও অঞ্চলত শনিবাৰ আৰু দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই চাইবাৰ অপৰাধী চক্ৰৰ ১১ টাকৈ সদস্যক গ্ৰেপ্তাৰ কৰে। সোমবাৰ নিশাৰ ভাগত উক্ত চাইবাৰ অপৰাধী চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযান সন্দৰ্ভত চিৰাং জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক অক্ষত গাৰ্গে বিজনী থানাত এখন সংবাদমেল সম্বোধন কৰি কয় যে, এই দুদিনৰ অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধী কেইটা ক্ৰমে বিজনীৰ কাৱাটিকাৰ আফছাৰ উদ্দিন (৩৪), ১ নং দংশীয়াপাৰাৰ মতলেব আলী(৩৭), আব্দুল আৱাল (২৭), আখেৰ আলী(২৯), ছাদ্দাম হুছেইন (২২), গোলাপ হুছেইন(৫১), ফৰমাইছালীৰ মিৰ কাচেম(২২), বল্লমগুৰীৰ আনোৱাৰ হুছেইন (২৫), ফৰমাইছালীৰ জিয়াৰুল হুছেইন(২৩), ১ নং দংশীয়াপাৰাৰ মজনু আলী(২৫) আৰু ছুৰমান আলী(২৬)।
উল্লেখ্য যে, আৰক্ষীয়ে দেওবাৰে নিশা বঙাইগাঁও জিলাৰ পৰা গ্ৰেপ্তাৰ বল্লামগুৰী গাঁৱৰ উচ্চ শিক্ষিত আনোৱাৰ হুছেইন হৈছে এই চাইবাৰ অপৰাধ চক্ৰৰ মাষ্টৰ মাইণ্ড। ইপিনে, চাইবাৰ অপৰাধী চক্ৰৰ সদস্য সকলৰ জিম্মাৰ পৰা আৰক্ষীয়ে এএছ ১৯ডব্লিউ ২১৯৯ নম্বৰৰ এখন টাটা টিয়া'গ, এএছ ০১কিউচি ০৭৩৭ নম্বৰৰ এখন এল্টো কে ১০, এএছ ২৬ ই ৮৪৭১ নম্বৰৰ টাটা পাঞ্চ আৰু নম্বৰ প্লেট বিহীন এখন হুণ্ডাই আই ২০ সহ চাৰিখন চাৰিচকীয়া বাহন জব্দ কৰাৰ লগতে এটিএম/ডেবিট কাৰ্ড ৩২ খন, চিম কাৰ্ড ২৬ খন, মোৱাইফোন ২৩ টা, ছেমছাং টেবলেট ১ টা, নদধ ধন ৩৫,২০০/- টকা, চেক বুক ৯ খন, বেংক পাছবুক ১২ খন, আধাৰ কাৰ্ড ৬ খন, পান কাৰ্ড ৩ খন, ভোটাৰ আইডি কাৰ্ড ১ খন, চাবি ৭ টা, ছোৱাইব মেচিন ৪ টা, কিউ-আৰ স্কেনাৰ ২ টা জব্দ কৰে ।
ইফালে, এই চাইবাৰ অপৰাধী চক্ৰৰ সৈতে অইন কোনো চক্ৰ জড়িত আছে নেকি এই সন্দৰ্ভত অধিক তথ্য উদঘাটন কৰিবলৈ গ্ৰেপ্তাৰ ১১ গৰাকী চাইবাৰ অপৰাধী চক্ৰৰ সদস্যক আৰক্ষীৰ জিম্মাত লৈ জেৰা অব্যাহত ৰখা হৈছে। সাধাৰণ ৰাইজক চাইবাৰ অপৰাধী চক্ৰৰ দ্বাৰা প্ৰেৰণ কৰা ই-মেইল, মেছেজ আৰু ফোনকলৰ পৰা সতৰ্ক থাকিবলৈ আহ্বান জনায়।