কাছাৰৰ বাংলাদেশ সীমান্তত ১১ টা চোৰাং ম'হ জব্দ

কাছাৰৰ ভাৰত- বাংলাদেশ সীমান্তত চোৰাং ম'হৰ বিৰুদ্ধে অভিযান অব্যাহত আছে বি এছ এফৰ। বাংলাদেশলৈ সৰবৰাহৰ সময়ত কৰ্তব্যৰত বিএছ এফে ১১ টা চোৰাং ম'হ জব্দ কৰে মঙলবাৰে।

author-image
Asomiya Pratidin
New Update
14

ডিজিটেল সংবাদ, শিলচৰ : কাছাৰৰ ভাৰত- বাংলাদেশ সীমান্তত চোৰাং ম'হৰ বিৰুদ্ধে অভিযান অব্যাহত আছে বি এছ এফৰ। বাংলাদেশলৈ সৰবৰাহৰ সময়ত কৰ্তব্যৰত বিএছ এফে ১১ টা চোৰাং ম'হ জব্দ কৰে মঙলবাৰে। 

Advertisment

বি এছ এফৰ এক উচ্চস্তৰীয় সূত্ৰই সদৰী কৰা মতে, মিজোৰাম -কাছাৰ ফ্ৰন্টিয়াৰৰ শিলচৰ ছেক্টৰৰ  ১৭০ নম্বৰ বিএছ এফৰ Quick Reaction Team এ ম'হকেইটা জব্দ কৰে। বিগত ৪৮ ঘন্টাৰ ভিতৰত প্ৰথমে ৯টা আৰু আৰু মঙ্গলবাৰে ২টাসহ মুঠ ১১টা চোৰাং ম'হ জব্দ কৰে।‌ 

ম'হকেইটা গোপনে বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে অনা হৈছিল বুলি লগতে সদৰী কৰে সূত্ৰটোৱে। ম'হকেইটা জব্দ কৰিলেও নিশাৰ অন্ধকাৰৰ সুবিধা লৈ পলায়ন কৰে চোৰাং সৰবৰাহকাৰীসকলে।

Silchar