পাটাছাৰকুছিৰ নিউ ভিছন স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস উদযাপন

বজালী জিলাৰ অন্তৰ্গত পাটাছাৰকুছিত অৱস্থিত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় নিউ ভিছন স্কুলৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক খেল ধেমালিৰ বঁটা বিতৰণী অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
gvh

ডিজিটেল সংবাদ, পাটাছাৰকুছি : বজালী জিলাৰ অন্তৰ্গত পাটাছাৰকুছিত অৱস্থিত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় নিউ ভিছন স্কুলৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক খেল ধেমালিৰ বঁটা বিতৰণী অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৷ পুৱাৰ ভাগত বিদ্যালয় প্ৰাংগনত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষয়িত্ৰী মিত্তাল লামা ৰাজবংশীয়ে।  

ইয়াৰ পাছতে সামূহিক গছপুলি ৰোপণ আৰু এটি আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই পাটাছাৰকুছি নগৰত পৰিভ্ৰমণ কৰা হয় ৷ সন্ধিয়া বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ 

সন্ধিয়া বন্তি প্ৰজ্বলন কৰে প্ৰধান শিক্ষয়িত্ৰী মিত্তাল লামা ৰাজবংশীয়ে৷ অনুষ্ঠানত স্কুলৰ শুভাকাংক্ষী তথা লণ্ডন নিবাসী শ্বিতল লামা আৰু আমৰিনা লামা উপস্থিত থাকে৷ উল্লেখ্য যে সাংস্কৃতিক অনুষ্ঠানৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বঁটা বিতৰণ কৰা হয় ৷ বঁটাসমূহ বিতৰণ কৰে স্থানীয় সাংবাদিক নৱকান্ত কলিতা আৰু অৱসৰী শিক্ষক সমাজকৰ্মী নলিনী কুমাৰ শৰ্মাই ৷

PATACHARKUCHI