৯বছৰত উজ্জ্বলা যোজনাৰ জৰিয়তে উপকৃত ১০.৩৩ কোটি পৰিয়াল

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা (পিএমইউৱাই)ৰ ৯ বছৰ সম্পূৰ্ণ হ’ল। এই উপলক্ষে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে বিশেষকৈ সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ মাজত আঁচনিখনে যথেষ্ট পৰিৱৰ্তনশীল প্ৰভাৱ পেলোৱাৰ কথা উল্লেখ কৰিছে।

author-image
Asomiya Pratidin
New Update
৯বছৰত উজ্জ্বলা যোজনাৰ জৰিয়তে উপকৃত ১০.৩৩ কোটি পৰিয়াল

৯বছৰত উজ্জ্বলা যোজনাৰ জৰিয়তে উপকৃত ১০.৩৩ কোটি পৰিয়াল

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা (পিএমইউৱাই)ৰ ৯ বছৰ সম্পূৰ্ণ হ’ল। এই উপলক্ষে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে বিশেষকৈ সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ মাজত আঁচনিখনে যথেষ্ট পৰিৱৰ্তনশীল প্ৰভাৱ পেলোৱাৰ কথা উল্লেখ কৰিছে।

Advertisment

সোমবাৰে সমাজিক মাধ্যম এক্সযোগে মন্ত্ৰীগৰাকীয়ে জনাই যে, ৯ বছৰীয়া উজ্জ্বলা যোজনাৰ জৰিয়তে ১০.৩৩ কোটিৰো অধিক পৰিয়াল উপকৃত হৈছে। তেওঁ লগতে কয় এই আঁচনিৰ বাবে যোৱা ৯ বছৰৰ ভিতৰত ২৩৮ কোটিৰো অধিক চিলিণ্ডাৰত পুনৰ এল পি জি ভৰোৱা সংখ্যাটোৱে আঁচনিখনৰ সফলতাক প্ৰতিফলিত কৰিছে।

বিশুদ্ধ ৰন্ধন ইন্ধনৰ সাৰ্বজনীন সুবিধা নিশ্চিত কৰাৰ বাবে ভাৰতৰ এই প্ৰচেষ্টাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি। ১ মে’ত পিএমইউৱাই নৱম বৰ্ষপূৰ্তি সম্পূৰ্ণ কৰে। এই আঁচনিৰ জৰিয়তে সমগ্ৰ দেশৰ দৰিদ্ৰ পৰিয়ালৰ প্ৰাপ্তবয়স্ক মহিলাসকলক বিনামূলীয়া এল পি জি সংযোগ প্ৰদান কৰা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এই আঁচনিখন মহিলা সৱলীকৰণৰ প্ৰতীক হৈ পৰিছে আৰু গৃহিণীসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

india govt