/asomiyapratidin/media/media_files/2025/05/22/dBlXSIF7DdnqWGqHhNnh.jpg)
নৱগঠিত ১০৩টা ৰে’ল ষ্টেচন মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
ডিজিটেল সংবাদ, নগাঁও : 'অমৃত ভাৰত ষ্টেচন আঁচনি'ৰ অধীনত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলি মুকলি কৰে সমগ্ৰ দেশৰ ১০৩ টা ৰে'ল ষ্টেচনৰ নৱগঠিত ৰূপ । ইয়াৰ ভিতৰত সংলগ্ন হৈ আধুনিক ৰূপ লাভ কৰিছে নগাঁৱৰ ঐতিহ্যমণ্ডিত হয়বৰগাঁও ৰে'ল ষ্টেচনেও ।
১৮৮৭ চনতে স্থাপিত এই ষ্টেচনটোত দৈনিক সমাগম ঘটে প্ৰায় ১২০০ যাত্ৰীৰ । ১৫ কোটি ৮৫ লাখ টকাৰ ব্যয়সাপেক্ষে হয়বৰগাঁও ৰে'ল ষ্টেচন পুনৰ নিৰ্মাণ কৰা হৈছে।
নগাঁও চহৰৰ প্ৰধান বাণিজ্যিক অঞ্চল হয়বৰগাঁৱত থকা এই ষ্টেচনটোৰ পুনৰ বিকাশক লৈ এতিয়া সন্তুষ্টি প্ৰকাশ কৰিছে নগাঁৱৰ ৰাইজে । নগাঁৱৰ হয়বৰগাঁও ষ্টেচনত উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য।
উল্লেখযোগ্য যে, ভাৰতীয় ৰে'ল বিভাগৰ উত্তৰ-পূব সীমান্তৰ এখন বিশেষ নিৰীক্ষণ যানত উঠি নগাঁৱত উপস্থিত হয় ৰাজ্যপালগৰাকী। লগতে ষ্টেচনটোত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই গৌৰৱ গগৈ সংক্ৰান্তত 'ৰাজপুত্ৰৰ দম্ভালি আমাৰ আগত নচলিব' বুলি মন্তব্য কৰে।