/asomiyapratidin/media/media_files/2025/05/26/fOrv28GPpH4Kljztjx9L.jpg)
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এক লাখ নতুন সদস্য ভৰ্তি অভিযান
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ১৯৭৮ চনৰ ১২ মাৰ্চৰ পৰাই বিভিন্ন ঘাট-প্ৰতিঘাতৰ মাজেৰে নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ মাজেৰে একেৰাহে ৰাইজৰ দুখ দুৰ্দশাৰ সমাধানৰ পথ প্ৰশস্ত কৰাৰ স্বাৰ্থত শক্তিশালী জাতীয়তাবাদী সংগ্ৰামৰ যাত্ৰা অব্যাহত ৰাখিছে। অহা ২০২৭ চনত সংগঠনটোৱে সোণালী জয়ন্তী বৰ্ষ গৰকিব। সেয়েহে আগন্তুক সোণালী জয়ন্তী বৰ্ষৰ পূৰ্বে পৰিষদে এক নতুন লক্ষ্যৰে এক লক্ষ নতুন সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে।
সোমবাৰে গুৱাহাটীত এই নতুন সদস্য ভৰ্তি অভিযানৰ আংশিকভাৱে শুভাৰম্ভ কৰা হয়। পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত গুৱাহাটীৰ গণেশগুৰি নয়নপুৰস্থিত স্থানীয় প্ৰাচ্য ভাৰতী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত জাতীয় মহিলা পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভানেত্ৰী শ্ৰীমতী ৰেণু দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক সাধাৰণ সভাত বৃহত্তৰ গণেশগুৰি নয়নপুৰ জাপৰিগোগ কৃষ্ণ নগৰ আদি অঞ্চলৰ প্ৰায় শতাধিক নতুন সদস্যাই কৰা যোগদানৰ অন্তত গণেশগুৰি আঞ্চলিক সমিতি নামেৰে এক শক্তিশালী পূৰ্ণাংগ আঞ্চলিক সমিতি গঠন কৰে।
এই সভাত উপস্থিত থাকে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া, সাংগঠনিক সম্পাদক দীপমণি বড়া, বিত্ত সম্পাদক জ্ঞান শৰ্মা, প্ৰচাৰ সম্পাদক সঞ্জীৱ ৰায়চৌধুৰী, কাৰ্যনিৰ্বাহক সদস্যা ৰীণা বৰুৱা কলিতা, কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি অৰুণজ্যোতি মেধি, সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মন, যুটীয়া সম্পাদক আব্দুল মোনাক, দীপক দাস, বিত্ত সম্পাদক বুলেন দাস, সাংগঠনিক সম্পাদক চণু ওজা, কাৰ্যনিৰ্বাহক সদস্যা বিনিতা ডেকা, উপদেষ্টা ক্ৰমে প্ৰদীপ কলিতা, আজিত বৰদলৈ, জাতীয় মহিলা পৰিষদৰ ৰাজ্যিক সমিতিৰ সভানেত্ৰী বিনিতা কুমাৰ, কামৰূপ মহানগৰ জিলা সমিতিৰ যুটীয়া সম্পাদিকা পাৰুল নাথ, বিত্ত সম্পাদিকা প্ৰণালী দত্ত কলিতা আদি বিভিন্ন বিষয়ববীয়ে অংশগ্ৰহণ কৰা সভাখন সফলভাবে সম্পন্ন হয়।