/asomiyapratidin/media/media_files/2025/07/16/nato-2025-07-16-10-11-07.jpeg)
ডিজিটেল ডেস্কঃ ভাৰতকে ধৰি কেইবাখনো দেশে ৰাছিয়াৰ যুদ্ধ ইঞ্জিনত ইন্ধন যোগাইছে। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতি বিফল হোৱাৰ পিছতে আমেৰিকাই এনে অভিযোগ উত্থাপন কৰিছে।
তাৰ মাজতেই নাটোৱে আন দুই ৰাষ্ট্ৰৰ লগতে ভাৰতৰ নাম উল্লেখ কৰি তীব্ৰ ভাবুকি প্ৰদান কৰিছে। ভাৰতৰ নাম উল্লেখ কৰি নাটোৰ মুৰব্বী মাৰ্ক ৰুটে কয় যে যদি ভাৰত, চীন, ব্ৰাজিল আদি দেশে ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখে তেন্তে তেওঁলোকৰ ওপৰত ১০০ শতাংশ নিষেধাজ্ঞা আৰোপ কৰা হ’ব।
এই বিষয়ত ৰুটে তিনিখন দেশৰ নাম উল্লেখ কৰি কয়, "ভাৰতৰ প্ৰধানমন্ত্ৰী, চীনৰ ৰাষ্ট্ৰপতি আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি, যদি আপোনালোকে ৰাছিয়াৰ সৈতে ব্যৱসায় অব্যাহত থাকে, তেওঁলোকৰ পৰা তেল আৰু গেছ ক্ৰয় কৰে তেন্তে আপোনালোকৰ ওপৰত ১০০ শতাংশ নিষেধাজ্ঞা আৰোপ কৰা হ'ব। আপোনালোকে জানে যে মস্কোৰ মানুহজনে (ভ্লাদিমিৰ পুটিন) কোনো ধৰণৰ শান্তি আলোচনাক গুৰুত্বসহকাৰে লোৱা নাই।"
একে সময়তে নাটোৰ এই শীৰ্ষ বিষয়াগৰাকীয়ে তিনিওখন দেশৰ মুৰব্বীক আহ্বান জনাইছে শান্তি আলোচনাত বহিবলৈ পুটিনৰ ওপৰত হেঁচা বৃদ্ধি কৰিবলৈ। ৰুটে কয় যে, "অনুগ্ৰহ কৰি ভ্লাদিমিৰ পুটিনক ফোন কৰি কওঁক যে তেওঁ শান্তি আলোচনাত গুৰুত্বসহকাৰে কাম কৰাটো প্ৰয়োজন। নহ'লে এই নিষেধাজ্ঞাই ব্ৰাজিল, ভাৰত আৰু চীনক যথেষ্ট আঘাত কৰিব।"
বৰ্তমান ভাৰত আৰু চীনে নিজৰ প্ৰয়োজন পূৰণৰ বাবে ৰাছিয়াৰ পৰা ৭০ শতাংশ ইন্ধন ক্ৰয় কৰে। ব্ৰাজিল আৰু আন কেইবাখনো দেশ এই তেল আৰু গেছৰ প্ৰধান গ্ৰাহক। আমেৰিকাৰ বিশ্বাস যে ভাৰত আৰু চীনে এই তেল ক্ৰয় কৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত পুটিনৰ ‘মেৰুদণ্ড’ হিচাপে কাম কৰি আছে।
সেয়ে আমেৰিকাই বিশ্বাস কৰে যে, ইউক্ৰেইনৰ কাষত থিয় দিব বিচাৰিলে ভাৰত, চীন, ব্ৰাজিলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই সন্দৰ্ভত ৰিপাব্লিকান চিনেটৰ লিণ্ডচে গ্ৰেহাম আৰু ৰিচাৰ্ড ব্লুমেন্থালেও আমেৰিকাৰ কংগ্ৰেছত এখন বিধেয়ক উত্থাপন কৰিছে।
য’ত ৰাছিয়াৰ সৈতে ব্যৱসায় কৰা দেশসমূহৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিবলৈ দাবী জনোৱা হৈছে। ইতিমধ্যে এই বিধেয়কখনে ৮৪ শতাংশ সমৰ্থন লাভ কৰিছে।
ইফালে সোমবাৰে হোৱাইট হাউছত সাংবাদিকক সম্বোধন কৰি ট্ৰাম্পে কয় যে, "ৰাছিয়াক দীৰ্ঘদিন ধৰি ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ কৰিবলৈ কোৱা হৈছে। যদিহে পুটিনে অহা ৫০ দিনৰ ভিতৰত যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিয়ে তেন্তে আমেৰিকাই ৰাছিয়াৰ ওপৰত অধিক শুল্ক আৰোপ কৰিব।"
এই শুল্কৰ পৰিমাণ ১০০ শতাংশ হ’ব বুলি প্ৰকাশ পাইছে। ট্ৰাম্পৰ সেই বাৰ্তাকে অনুসৰণ কৰি নাটোৰ মুৰব্বীগৰাকীয়ে ভাৰতকে ধৰি আন দেশৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সকীয়াই দিয়ে।
মন কৰিবলগীয়া যে ক্ষমতালৈ অহাৰ পিছৰে পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাবলৈ আগ্ৰহ প্ৰকাশ কৰি বিভিন্ন পন্থা হাতত লৈছে। দুবাৰমান পুটিনৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিছে যদিও এই ক্ষেত্ৰত আমেৰিকাই বিশেষ সফলতা লাভ কৰা নাই।
এই যুদ্ধ বন্ধ কৰাটোৱেই হৈছে ট্ৰাম্পৰ বাবে নিজকে বিশ্বত শান্তিৰ দূত হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। সেয়েহে আমেৰিকাই যিকোনো প্ৰকাৰে ভ্লাদিমিৰ পুটিনক আলোচনাৰ মেজলৈ আনিবলৈ কঁকালত টঙালি বান্ধিছে।