10 things to know about Lachit Borphukan: লাচিত বৰফুকনৰ বিষয়ে ১০ টা বিশেষ তথ্য

অসমৰ ইতিহাসৰ বীৰত্ব আৰু সাহসৰ প্ৰতীক বীৰ লাচিত বৰফুকন।লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত প্ৰতি বছৰে ২৪ নৱেম্বৰৰ দিনটোত লাচিত দিৱস হিচাপে পালন কৰা হয়। তেওঁৰ জন্ম বিষয়ে সঠিক তথ্য পোৱা নাযায় যদিও ১৬২২ চনৰ ২৪ নৱেম্বৰত আহোম ৰাজধানী গড়গাঁৱত তেওঁৰ জন্ম হৈছিল বুলি কোৱা হয়।তেওঁৰ পিতৃৰ নাম মোমাই তামুলী বৰবৰুৱা মাতৃৰ নাম আছিল নাগেশ্বৰী।

author-image
Asomiya Pratidin
New Update
10 things to know about Lachit Borphukan: লাচিত বৰফুকনৰ বিষয়ে ১০ টা বিশেষ তথ্য

ডিজিটেল ডেস্ক:10 things to know about Lachit Borphukan: অসমৰ ইতিহাসৰ বীৰত্ব আৰু সাহসৰ প্ৰতীক বীৰ লাচিত বৰফুকন।লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত প্ৰতি বছৰে ২৪ নৱেম্বৰৰ দিনটোত লাচিত দিৱস হিচাপে পালন কৰা হয়। তেওঁৰ জন্ম বিষয়ে সঠিক তথ্য পোৱা নাযায় যদিও ১৬২২ চনৰ ২৪ নৱেম্বৰত আহোম ৰাজধানী গড়গাঁৱত তেওঁৰ জন্ম হৈছিল বুলি কোৱা হয়।তেওঁৰ পিতৃৰ নাম মোমাই তামুলী বৰবৰুৱা মাতৃৰ নাম আছিল নাগেশ্বৰী।

Advertisment

অসম চৰকাৰৰ উদ্যাগত এইবছৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ আয়োজন কৰা হৈছে।১৮ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ অসমকে ধৰি ৰাজধানী দিল্লীত ৰাজ্য চৰকাৰে মোগলক পৰাভূত কৰা বীৰ লাচিত বৰফুকনৰ জয়ন্তী পালনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্সূচীৰ অংশ হিচাপে মাৰ্চপাষ্ট, বাটৰ নাট , বিভিন্ন বিষয়ৰ প্ৰতিযোগীতা আদি আয়োজন কৰা হৈছে।২৩ৰ পৰা ২৫ নৱেম্বৰলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হব। ২৩ নৱেম্বৰৰ কাৰ্যসূচীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, ২৪ নৱেম্বৰৰ কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ২৫ নৱেম্বৰৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ গ্ৰহণ কৰিব।

আজি জানো আহক বীৰ সেনা লাচিত বৰফুকনৰ বিশেষ ১০ টা তথ্য-

১)লাচিত বৰফুকনৰ প্ৰকৃত নাম আছিল লাচিত ডেকা।

২)লাচিত লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰা আহোমৰ সেনাপতি আছিল।সেয়ে  খুব কম বয়সৰ পৰাই তেওঁ সামৰিক শিক্ষা লাভ কৰিব পাৰিছিল।

৩)কৰ্মস্পৃহা তথা সাহসেই আছিল লাচিত বৰফুকনৰ উত্থানৰ মূল কাৰণ।

৪) ‘বৰফুনক’ আহোম সামাজ্যৰ এটা উপাধিহে, তেওঁ এই উপাধি লাভ কৰিহে ‘লাচিত বৰফুকন’ হৈছিল।

৫)কামত গাফিলতি কৰাৰ বাবে লাচিত বৰফুকনে নিজৰ মোমায়েকক শিৰচ্ছেদ কৰিছিল।তেওঁ কৈছিল- “দেশতকৈ মোমাই ডাঙৰ নহয়।”

৬)মোগল সেনাৰ নৌ-বাহিনী দুৰ্বল আছিল।এই বিষয়ে জ্ঞাত আছিল লাচিত বৰফুকন।যাৰ পূৰ্ণ  সুযোগ লৈহে লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনা শৰাইঘাট যুদ্ধত জয়ী হৈছিল।

৭)মোগলৰ লগত অকলে যুজিবলৈও সাজু আছিল লাচিত বৰফুকন।

৮)লাচিত বৰফুকনৰ ত্যাগক সন্মান জনাই ১৯৯৯চনৰ পৰা ‘নেশ্যনেল ডিফেঞ্চ একাডেমী’য়ে একাডেমীৰ শ্ৰেষ্ঠ ‘কেডেট’ক ‘লাচিত বৰফুকন গল্ড মেডেল’ৰে সন্মানিত কৰি আহিছে।

৯) বেমাৰী দেহাৰেই লাচিত বৰফুকনে শৰাইঘাট যুদ্ধত মোগল সেনানিৰ সৈতে যুজঁ দিছিল।

১০) শৰাইঘাটৰ যুদ্ধৰ সময়ত হোৱা অতিপাত জ্বৰেই পিছলৈ লাচিত বৰফুকনৰ প্ৰাণ কাঢ়িছিল।

lachit divas LACHIT BORPHUKAN